অসম

assam

ETV Bharat / bharat

উন্নত দেশৰ মৰ্যাদা পাবলৈ ভাৰতৰ সুক্ষ্ম জনগাঁথনিৰ সুযোগ আছে : বিত্ত সচিব - Growth rate in India

মাদ্ৰাজ স্কুল অৱ ইকনমিক্সত ভাৰতৰ উন্নয়ন সম্পৰ্কে অতি গুৰুত্বপূৰ্ণ মন্তব্য দেশৰ বিত্ত সচিব টি ভি সোমনাথনৰ (Fin secy about development status of India)। উন্নত দেশৰ মৰ্যাদা পাবলৈ ভাৰতত বিকাশ ৮-৮.৫ শতাংশ হাৰত বৃদ্ধি হ'ব লাগিব ।

Fin secy
উন্নত দেশৰ মৰ্যাদা পাবলৈ ভাৰতৰ সুক্ষ্ম জনগাঁথনিৰ সুযোগ আছে

By

Published : Oct 9, 2022, 12:41 PM IST

নেশ্যনেল ডেস্ক,৯ অক্টোবৰ :"ভাৰতেও পাব পাৰে উন্নত দেশৰ মৰ্যাদা । এই মৰ্যাদা পাবলৈ ভাৰতৰ এক সুক্ষ্ম জনগাঁথনিৰ সুযোগ আছে । এই সুযোগ হেৰুৱালে কেতিয়াও সেই স্থানত উপনীত হ'ব নোৱাৰিম ।" এই গুৰুত্বপূৰ্ণ মন্তব্য ভাৰতৰ কেন্দ্ৰীয় বিত্ত সচিব টি ভি সোমনাথনৰ । মাদ্ৰাজ স্কুল অৱ ইকনমিক্সত 'ডেভেলপমেণ্ট ইন চেঞ্জিং টাইমছ, চৰকাৰী দক্ষতাৰ ভূমিকা' সন্দৰ্ভত জি ৰামচন্দ্ৰন এণ্ডোমেণ্ট বক্তৃতা অনুষ্ঠানত এই মন্তব্য কৰে বিত্ত সচিবগৰাকীয়ে (Fin secy in Madras School of Economics)।

তেওঁ উল্লেখ কৰা মতে উন্নত দেশৰ মৰ্যাদা পাবলৈ ভাৰতত বিকাশ ৮-৮.৫ শতাংশ হাৰত বৃদ্ধি হ'ব লাগিব (Growth rate in India)। বিত্ত সচিবগৰাকীৰ মতে এই শতিকাৰ প্ৰথম দশকত চীনৰ বিকাশৰ হাৰ বছৰি প্ৰায় ৯.৫ শতাংশ বৃদ্ধি পাইছে আৰু দক্ষিণ কোৰিয়া আৰু টাইৱানৰ দৰে দেশত একে ধৰণৰ বিকাশৰ হাৰ দেখা গৈছে ।

তেওঁ কয় যে, ভাৰতত প্ৰায়ে শুনিবলৈ পোৱা যায় যে উন্নত দেশৰ মৰ্যাদা পাবলৈ ভাৰততো সুক্ষ্ম জনগাঁথনিৰ সুযোগ আছে (India has a nano demographic window)। কিন্তু এই সুযোগ গ্ৰহণ নকৰিলে বা সুযোগৰ সুবিধা নল'লে ভাৰত কেতিয়াও সেই স্থান লাভ কৰিব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে ।

শতিকাৰ পৰৱৰ্তী দুই চতুৰ্থাংশত ভাৰতৰ বিষয়ে দুটা গুৰুত্বপূৰ্ণ ধাৰণা আছে সেয়া হৈছে ভাৰতে উন্নত দেশৰ মৰ্যাদা পাবলৈ ৮-৮.৫ শতাংশ হাৰত বিকাশ হ'ব লাগিব । যদি আমি জনগাঁথনিগত লাভাংশৰ সৈতে এক শতিকাৰ এই চতুৰ্থাংশ হেৰুৱাও, তেন্তে আমি চিৰকালৰ বাবে মধ্যমীয়া হৈ পৰিব পাৰো বুলিও সোমানাথনে সতৰ্ক কৰি দিয়ে ।

লগতে পঢ়ক :2019 ত হেৰুওৱা 144 খন লোকসভা আসন উদ্ধাৰৰ বাবে বিজেপিৰ নতুন ৰণনীতি

ABOUT THE AUTHOR

...view details