নেশ্যনেল ডেস্ক, ১০ মে': দেশত কৰ’ণা মহামাৰীয়ে সৃষ্টি কৰা পৰিৱেশে সম্প্ৰতি ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ ভাৰতত সৃষ্টি হোৱা এই সংকটৰ সময়ত এতিয়া ভাৰতৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বিশ্বৰ বহু দেশ ৷ বিভিন্ন দেশে সম্প্ৰতি ভাৰতলৈ অক্সিজেনৰ লগতে অন্যান্য চিকিৎসা তথা সাহাৰ্য সামগ্ৰী আগবঢ়াই আহিছে ৷ যোৱা ১৩ দিনত ভাৰতে বিশ্বৰ বিভিন্ন দেশৰ পৰা তিনি লাখ ৰেমডেচিবিৰ ভাইল, ৬,৭৩৮ টা অক্সিজেন কনচেনট্ৰেটৰ, ৩,৮৫৬ টা অক্সিজেন চিলিণ্ডাৰ আৰু ১৬ টা অক্সিজেন প্লান্ট লাভ কৰিছে বুলি দেওবাৰে এক চৰকাৰী বিবৃতিযোগে প্ৰকাশ কৰা হৈছে ।
বিগত ২৭ এপ্ৰিলৰ পৰা ৮ মে’লৈকে মুঠ ৪,৬৬৮ টা ভেণ্টিলেটৰ বা বি আই পি এ পি অন্য দেশৰ পৰা ভাৰতলৈ প্ৰেৰণ কৰা হৈছিল । শনিবাৰে কানাডা, থাইলেণ্ড, নেডাৰলেণ্ড, অষ্ট্ৰিয়া, চেক গণৰাজ্য, ইজৰাইল, আমেৰিকা, জাপান, মালয়েছিয়া, আমেৰিকা (জিআইএলইডি), আমেৰিকা (চেলচফৰ্চ) আৰু থাইলেণ্ডৰ ভাৰতীয় সম্প্ৰদায়ৰ পৰা লাভ কৰা মুখ্য সামগ্ৰীবোৰৰ ভিতৰত আছে ২,৪০৪ অক্সিজেন কনচেনট্ৰেটৰ, ২৫,০০০ ৰেমডেচিবিৰ ভাইল, ২১৮ ভেণ্টিলেটৰ আৰু ৬,৯২,২০৮ পৰীক্ষামূলক কিট ।