নেশ্যনেল ডেস্ক, ১৯ এপ্ৰিল: সমগ্ৰ দেশতে ক'ভিড-19 অতিমাৰীয়ে কালৰূপ ধাৰণ কৰাৰ মাজতে দেশৰ কেইবাখনো ৰাজ্যত ক'ভিড ৰোগীৰ বাবে অক্সিজেনৰ অভাৱ হৈছে ৷ অক্সিজেনৰ অভাৱৰ ফলত ক'ভিড ৰোগীসকলৰ জীৱন ক্ৰমাৎ ভয়াবহ দিশে গতি কৰাৰ আশংকা কৰা হৈছে ৷ ভাৰতত এদিনত অক্সিজেনৰ চাহিদা হৈছে ২,০০০ মেট্ৰিক টন । কিন্তু, প্ৰতিদিনে দেশত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগ লগে অক্সিজেনৰ অভাৱ ঘটিছে ৷
আচলতে কি হয় চিকিৎসা অক্সিজেন ?
- আধুনিক ঔষধ-প্ৰণালীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ, জীৱন ৰক্ষাকাৰী উপাদানবোৰৰ ভিতৰত অক্সিজেন হৈছে অন্যতম ।
- ইয়াক ১৮০০ দশকৰ পৰা ঔষধত ব্যৱহাৰ কৰি অহা হৈছে ।
- ক'ভিড-১৯ ৰ চিকিৎসাত অক্সিজেন এক অত্যাৱশ্যকীয় ঔষধ ।
ইয়াক কেনেদৰে ব্যৱহাৰ কৰা হয়?
- শ্বাস-প্ৰশ্বাসৰ জটিলতা, হৃদযন্ত্ৰৰ ৰোগ, হঠাতে পোৱা আঘাত, কাৰ্বন মনোক্সাইড বিষক্ৰিয়া আৰু গুৰুতৰ ৰক্তক্ষৰণৰ দৰে স্থিতিত অক্সিজেন পুনৰুদ্ধাৰ কৰিবলৈ চিকিৎসা অক্সিজেন ব্যৱহাৰ কৰা হয় ।
- কোনো জটিল দুৰ্ঘটনা সম্পৰ্কীয় ঘটনাতো ইয়াক ব্যৱহাৰ কৰা হয় । আনকি আধুনিক এনাস্থেটিক কৌশলবোৰো চিকিৎসা অক্সিজেনৰ ওপৰত নিৰ্ভৰশীল
অক্সিজেন চিলিণ্ডাৰৰ অভাৱৰ বিষয়ে বিশেষজ্ঞসকলে কি কয়?
- প্ৰতিদিনে ভাৰতত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাত অক্সিজেনৰ অভাৱ ঘটাত বিশেষজ্ঞসকলে উদ্বেগ প্ৰকাশ কৰিছে ।
- অক্সিজেন চিলিণ্ডাৰৰ ক'লা বেহাও বৃদ্ধি পাইছে ।
- ইফালে, একাংশই কৈছে যে অক্সিজেনৰ পৰিমাণ হ্ৰাস হোৱাত কোনো সমস্যা হ'ব নোৱাৰে ।