নেশ্যনেল ডেস্ক,১৯ ফেব্ৰুৱাৰী :শেহতীয়াকৈ ভাৰতত বহু ষ্টাৰ্টআপৰ অন্বেষণ ঘটিছে । যাৰ বাবে দেশৰ অৰ্থনৈতিক বিকাশৰো সপোন দেখিছে চৰকাৰে । ইয়াৰ মাজতে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে কয় যে ষ্টাৰ্টআপৰ ক্ষেত্ৰত বৰ্তমান বিশ্ববাসীৰ চকুত ভাৰতবৰ্ষ । দেশৰ সম্ভাৱনীয়তাৰ বাবে ষ্টাৰ্টআপৰ ক্ষেত্ৰত বিশ্ববাসীৰ পছন্দৰ ঠাই হৈছে ভাৰত ।
এই ক্ষেত্ৰত তেওঁ চৰকাৰৰ অনুকূল নিয়ামক আৰু ব্যৱসায়ৰ বাবে অতি সহজ পদ্ধতিসমূহৰ প্ৰশংসা কৰে । ইণ্ডিয়া ফাৰ্ষ্ট টেক ষ্টাৰ্টআপ কনক্লেভ-২০২২ (India First Tech Startup Conclave 2022) আৰু এৱাৰ্ডছ ছামিটত ভাষণত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে ২০২৫ চনৰ ভিতৰত ভাৰতে ৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰ অৰ্থনীতিৰ লক্ষ্যত উপনিত হোৱাৰ যি লক্ষ্য আগত ৰাখিছে তাত ষ্টাৰ্টআপৰ শক্তিশালী পৰিস্থিতিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।
তেওঁ কয় যে বিভিন্ন আঁচনিৰ ফলত কেৱল ২০২১ চনতে ভাৰতত ১০,০০০ ষ্টাৰ্টআপ পঞ্জীয়ন কৰা হৈছে । লগতে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ভাৰতত এতিয়া ৫০,০০০ তকৈও অধিক ষ্টাৰ্টআপ আছে (India now has 50000 plus startups)যিয়ে সমগ্ৰ দেশত ২ লাখতকৈও অধিক চাকৰিৰ সুবিধা দিছে ।