নিউজ ডেস্ক,28 ফেব্ৰুৱাৰী: টাইৱানৰ National Research Institute of Chinese Medicine ক 1.5 মিলিয়ন টকাৰ সাহায্য আগবঢ়াইছে ভাৰতে ৷ পৰম্পৰাগত ঔষধ প্ৰস্তুতৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে টাইৱানক এই আৰ্থিক সাহায্য প্ৰদান কৰে ভাৰতে ৷
টাইৱানৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি পোন প্ৰথমবাৰৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ অধীনত ভাৰত চৰকাৰে টাইৱানৰ কোনো চৰকাৰী প্ৰতিষ্ঠানত সাহায্য আগবঢ়াইছে ৷