অসম

assam

ETV Bharat / bharat

ভূটানলৈ চিকিৎসা সামগ্ৰী প্ৰেৰণ ভাৰত চৰকাৰৰ - ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়

ৰয়েল ভুটানৰ বৈদেশিক মন্ত্ৰী তানদী দৰ্জীয়ে এক তথ্যৰ যোগেৰে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ ক’ভিড 19ৰ চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰাৰ কথা জনায় । তেওঁ ইতিমধ্যে সামাজিক মাধ্যমৰ যোগেদি ভাৰতৰ ভুটানস্থিত ৰাষ্ট্ৰদূত ৰুচিৰা কম্বোজয়ে মঙলবাৰে বিয়লি ভুটানৰ বৈদেশিক মন্ত্ৰীক 3টা এক্সৰে মেচিন, এমএআৰএছ 4.2 লিটেক্স ডিআৰ আৰু অতিৰিক্ত 3 টাকৈ ভিশ্যন 100 এম উপহাৰ হিচাপে প্ৰদান কৰে বুলি জানিব দিয়ে ।

ভাৰত চৰকাৰৰ ভূটানলৈ চিকিৎসা সামগ্ৰী প্ৰেৰণ
ভাৰত চৰকাৰৰ ভূটানলৈ চিকিৎসা সামগ্ৰী প্ৰেৰণ

By

Published : May 4, 2021, 1:22 PM IST

তেজপুৰ, ৪ মে' : মহামাৰী ক’ভিড 19ৰ এই ভয়ংকৰ সময়চোৱাত ভাৰত চৰকাৰৰ এক প্ৰসংসনীয় পদক্ষেপ ৷ ৰয়েল ভূটানৰ বৈদেশিক মন্ত্ৰী তানদী দৰ্জীয়ে এক তথ্যৰ যোগেৰে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ ক’ভিড-19ৰ চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰাৰ কথা জনায় ।

ভাৰত চৰকাৰৰ ভূটানলৈ চিকিৎসা সামগ্ৰী প্ৰেৰণ

তেওঁ ইতিমধ্যে সামাজিক মাধ্যমৰ যোগেদি ভাৰতৰ ভূটানস্থিত ৰাষ্ট্ৰদূত ৰুচিৰা কম্বোজয়ে মঙলবাৰে বিয়লি ভূটানৰ বৈদেশিক মন্ত্ৰীক 3 টা এক্সৰে মেচিন , এমএআৰএছ 4.2 লিটেক্স ডিআৰ আৰু অতিৰিক্ত 3 টাকৈ ভিশ্যন 100 এম উপহাৰ হিচাপে প্ৰদান কৰে বুলি জানিব দিয়ে । এই অনুষ্ঠানত দুয়োখন ৰাষ্ট্ৰৰ বৈদেশিক আৰু স্বাস্থ্য সচিব উপস্থিত থাকে ।

উল্লেখ্য যে, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানলৈ ভাৰতৰ প্ৰধান মন্ত্ৰীৰ SAARC ৰ 2020 চনৰ 15 মাৰ্চৰ জৰুৰীকালীন নীতি অনুসৰি ক’ভিড 19 মহামাৰীৰৰ প্ৰতিৰোধৰ বাবে পিপিই কিট, ক’ভিড পৰীক্ষা কিট প্ৰেৰণ কৰিছে ।

আনহাতে, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা ইতিমধ্যে ভাৰতত নাটনি হোৱা অক্সিজেনৰ কেইবাটাও নতুন প্ৰকল্পৰ পুনৰ আৰম্ভ কৰাৰ লগতে ভূটান চৰকাৰে মে’ মাহৰ পৰা দৈনিক 200 অক্সিজেন চিলিণ্ডাৰৰ যোগান ধৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক : ইংলেণ্ডৰ অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই অনা বিমান উপস্থিত চেন্নাইত

ABOUT THE AUTHOR

...view details