নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী : ২০১৪ চনত প্ৰধানমন্ত্ৰী মোডীৰ উত্থানৰ পূৰ্বে কংগ্ৰেছ চৰকাৰে বিশ্ব পৰ্যায়ত ভাৰতৰ ভাবমূৰ্তি কলুষিত কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপি সভাপতি জে পি নাড্ডাই (BJP President JP Nadda) বুধবাৰে কয় যে, প্ৰধানমন্ত্ৰীৰ সিদ্ধান্তই ২০১৪ চনৰ পূৰ্বে কংগ্ৰে চৰকাৰৰ অধীনত থকাৰ সময়তকৈ বিশ্বমঞ্চত ভাৰতৰ ভাবমূৰ্তি উন্নত কৰিছে । ইয়াৰ পূৰ্বে ভাৰতৰ এখন দুৰ্নীতিগ্ৰস্ত দেশ হিচাপেহে প্ৰতিচ্ছবি আছিল (JP Nadda Appreciated PM Narendra Modi) ।
"কেন্দ্ৰত স্থিৰতাৰ অভাৱ আছিল আৰু প্ৰধানমন্ত্ৰীৰ আসনৰ কৰ্তৃত্বও হ্ৰাস পাইছিল, যিয়ে বিশ্বমঞ্চত ভাৰতক নেতিবাচক দৃষ্টিভংগীৰে প্ৰদৰ্শন কৰিছিল ।" নাড্ডাই এনেদৰে কয় । তেওঁ নতুন দিল্লীত বৈদেশিক নীতি বিশেষজ্ঞ, বৈদেশিক আয়োগৰ সদস্য, বিজেপি নেতা, শিক্ষাৰ্থী আৰু সংবাদ মাধ্যমৰ উপস্থিতিত "মোডী : শ্বেপিং এ গ্লোবেল অৰ্ডাৰ ইন ফ্লাক্স" (Modi: Shaping a Global Order in Flux) নামৰ এখন গ্ৰন্থ মুকলি কৰাৰ সময়ত ভাষণ দি এই কথা কয় (Nadda on PM Modi) ।
নাড্ডাই প্ৰধানমন্ত্ৰী মোডীক কেৱল ভাৰতক শক্তিশালী কৰাই নহয়, লগতে কৰোনা ভাইৰাছ ভেকচিন প্ৰদান কৰি বিশ্বক ভাৰতৰ মানৱীয় সহায়, বিশ্বৰ উদীয়মান নেতা (India emerging leader of global south) হিচাপে ভাৰতৰ স্থিতি আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ (Russia Ukraine war) ক্ষেত্ৰত দেশৰ স্থিতিৰ কথা উল্লেখ কৰি দেশক উচ্চ সন্মান প্ৰদান কৰাৰ বাবে প্ৰশংসা কৰে (Nadda hailed PM Modi) ।
"২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী মোডীয়ে ১০০ বাৰ বিদেশ ভ্ৰমণ কৰিছে । এই সময়ছোৱাত তেওঁ ৬০ খন দেশ ভ্ৰমণ কৰিছে, ৰাষ্ট্ৰসমূহৰ সৈতে কৌশলগত মিত্ৰতা গঢ়ি তুলিছে, আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, ইউএই আৰু জাপানৰ দৰে আমাৰ পৰম্পৰাগত মিত্ৰশক্তিৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰিছে আৰু পৰিষ্কাৰ শক্তি আৰু সুৰক্ষিত পৰিৱেশৰ (clean energy and safe environment) ওপৰত যথেষ্ট গুৰুত্ব দি আন ৰাষ্ট্ৰসমূহৰ সৈতে নতুন মিত্ৰতা গঢ়ি তুলিছে ।" বিজেপিৰ সৰ্বভাৰতীয় সভাপতিগৰাকীয়ে লগতে কয় ।