নিউজ ডেস্ক, 7 জুন : ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ভিডৰ সংক্ৰমণে এতিয়া সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি, বিগত 24 ঘণ্টাৰ ভিতৰত ভাৰতত 1,00,636 গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 2427 গৰাকীৰ ৷ ইয়াৰ বিপৰীতে ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে 1,74,399 গৰাকী লোক ৷
ভাৰতত বৰ্তমানলৈকে ক’ভিডত আক্ৰান্তৰ সংখ্যা 2,89,09,975 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইফালে ক’ভিডত মৃত্যু হৈছে 3,49,186 গৰাকীকৈ লোকৰ ৷ এই পৰ্যন্ত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে 2,71,59,180 গৰাকীয়ে ৷