নেশ্যনেল ডেস্ক,25 মে’: ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা ক’ভিড সংক্ৰমণে এতিয়া সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি, বিগত 24 ঘণ্টাৰ ভিতৰত ভাৰতত 1,96,427 গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে ৷ আনহাতে মৃত্যু হৈছে 3,511 গৰাকী ৷ ইয়াৰ বিপৰীতে ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে 3,26,850 গৰাকী লোক ৷
ভাৰতত বৰ্তমানলৈকে ক’ভিডত আক্ৰান্তৰ সংখ্যা 2,69,48,874 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইফালে ক’ভিডত মৃত্যু হৈছে 3,07,231 গৰাকীকৈ লোকৰ ৷ এই পৰ্যন্ত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে 2,40,54,861 গৰাকীয়ে ৷