নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল: বিগত দিনৰ তুলনাত দেশত বৃদ্ধি পাইছে মহামাৰীত আক্ৰান্তৰ আৰোগ্যৰ হাৰ । বুধবাৰে ভাৰত চৰকাৰৰ এক বিবৃতিত প্ৰকাশিত তথ্য অনুসৰি, বৰ্তমান ভাৰতত ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৮২.৩৩ শতাংশ ।
ক'ভিড-১৯ ত আক্ৰান্ত হৈ এতিয়ালৈকে ১,৪৮,১৭,৩৭১ জন লোক আৰোগ্য হৈ উঠিছে । লগতে দেশত ক'ভিড আক্ৰান্তৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে । বিবৃতিটোত প্ৰকাশিত তথ্য মতে, বৰ্তমান ভাৰতত মৃত্যুৰ হাৰ হৈছে ১.১২ শতাংশ ।