নেশ্যনেল ডেস্ক, ৯ অক্টোবৰ :দেশত যদিও কৰ'ণাৰ (Corona) সংক্ৰমণ অব্যাহত আছে কিন্তু কেন্দ্ৰীয় চৰকাৰে দেশজুৰি টীকাকৰণ (vaccination) অভিযান অব্যাহত ৰাখিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে (Union Health Ministry) প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ৭৯,১২,২০২ ক'ভিড প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । লগে লগে টীকাকৰণ অভিযানে প্ৰায় ৯৪ কোটিৰ (৯৩,৯৯,১৫,৩২৩) ঘৰত প্ৰৱেশ কৰিলে ।
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ১৯,৭৪০ গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হয় ৷ ইয়াৰ লগে লগে দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৩,৩৯,৩৫,৩০৯ গৰাকীলৈ বৃদ্ধি পাইছে । আনহাতে, শুকুৰবাৰৰ দিনটোত মৃত্যু হৈছে ২৪৮ গৰাকী লোকৰ ৷
দেশত কৰ'ণাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৫০,৩৭৫ লৈ বৃদ্ধি পাইছে । বৰ্তমান দেশত সক্ৰিয় ঘটনাৰ সংখ্যা হৈছে ২,৩৬,৬৪৩ টা । যোৱা ২০৬ দিনৰ ভিতৰত এই সংখ্যা আটাইতকৈ কম আৰু ই মুঠ আক্ৰান্তৰ সংখ্যাৰ ০.৭০ শতাংশ ।