নেশ্যনেল ডেস্ক, ৫ অক্টোবৰ: ভাৰতত এতিয়াও অব্যাহত আছে কালৰূপী ক'ভিডৰ ভয়াৱহতা । নিতৌ শতাধিক লোকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাবলগীয়া হৈছে । মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ১৮,৩৪৬ জন লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । নতুনকৈ আক্ৰান্ত হোৱা ৰোগীসহ দেশত বৰ্তমানলৈকে মুঠ ৩,৩৮,৫৩,০৪৮ জন লোক মহামাৰীৰ কবলত পৰিছে ।
আনহাতে, এতিয়ালৈকে দেশত ৪,৪৯,২৬০ জন লোকে ক'ভিড-১৯(COVID-19)ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে । সোমবাৰৰ দিনটোত ২৬৩ গৰাকী ক'ভিড আক্ৰান্তৰ মৃত্যু হৈছে । উল্লেখ্য যে, কেৰালাত এতিয়াও দৈনিক আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা নাই । কেৰালাত যোৱা ২৪ ঘণ্টাত ৮,৮৫০ জন লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে আৰু ১৪৯ জনে প্ৰাণ হেৰুৱাইছে ।
আনহাতে, সামগ্ৰিকভাৱে দেশত সক্ৰিয় আক্ৰান্তৰ সংখ্যা ২,৫২,৯০২ লৈ হ্ৰাস পাইছে । বিগত ২০১টা দিনৰ ভিতৰত এয়াই আটাইতকৈ কম সক্ৰিয় আক্ৰান্তৰ ঘটনা ।