নেশ্যনেল ডেস্ক, ২৪ ছেপ্টেম্বৰ :কৰ’ণাৰ (Corona) ভয়াৱহতা কিছু হ্ৰাস হৈছে যদিও দেশত অব্যাহত আছে সংক্ৰমণ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে (Union Health Ministry) প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত বিগত ২৪ ঘণ্টাত পুনৰ বৃদ্ধি হৈছে কৰ'ণাৰ সংক্ৰমণ । তথ্য অনুসৰি ৩১,৩৮২ গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৩১৮ গৰাকী লোকৰ । ইয়াৰ লগে লগে ভাৰতত আক্ৰান্তৰ সংখ্যা ৩,৩৫,৯৪,৮০৩ লৈ বৃদ্ধি হৈছে ঠিক তেনেদৰে মৃত্যুৰ সংখ্যাও ৪,৪৬,৩৬৮ লৈ বৃদ্ধি পাইছে ।
অৱশ্যে যোৱা ১৮৮ দিনৰ ভিতৰত সক্ৰিয় ঘটনাৰ (active caseload) সংখ্যা সৰ্বনিম্ন ৩,০০,১৬২ লৈ হ্ৰাস হৈছে । প্ৰকাশ পোৱা তথ্য অনুসৰি দেশত সম্প্ৰতি আৰোগ্যৰ হাৰ ৯৭.৭৮ শতাংশ । ইয়াৰ মাজতে দেশত প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী অব্যাহত আছে । এতিয়ালৈ দেশত ৮৪,১৫,১৮,০২৬ গৰাকী লোকক ক’ভিডৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷