নেশ্যনেল ডেস্ক, ১২ ছেপ্টেম্বৰ :দেশত অব্যাহত আছে কৰ'ণাৰ (Corona) সংক্ৰমণ । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ (Union Health Ministry) তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত নতুনকৈ ২৮,৫৯১ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে । লগতে ক'ভিডত আক্ৰান্ত হৈ এটা দিনত মৃত্যু হৈছে ৩৩৮ গৰাকী লোকৰ ।
ইয়াৰ লগে লগে ভাৰতত ক'ভিড সংক্ৰমণৰ মুঠ সংখ্যা ৩,৩২,৩৬,৯২১ লৈ বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যা ৪,৪২,৬৫৫ গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইফালে দেওবাৰে প্ৰকাশ পোৱা তথ্য অনুসৰি কেৱল কেৰালাত আক্ৰান্ত হৈছে ২০,৪৮৭ গৰাকী লোক আৰু যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত মৃত্যু হৈছে ১৮১ গৰাকী লোকৰ । ইয়াৰ মাজতে দেশজুৰি চলি থকা টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে প্ৰতিষেধক প্ৰদানৰ সংখ্যাই ৭৩.৮২ কোটি অতিক্ৰম কৰিছে ৷