নেশ্যনেল ডেস্ক, ৪ ছেপ্তেম্বৰ :ভাৰতীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৪২,৬১৮ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । ইয়াৰ বিপৰীতে মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩৩০ গৰাকী লোকৰ ৷ ইয়াৰ ভিতৰত কেৰালাত সৰ্বাধিক ২৯,৩২২ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে ২৪ ঘণ্টাত ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩১ গৰাকী ।
ভাৰতীয় চিকিৎসা গৱেষণা প্ৰতিষ্ঠানে (ICMR) প্ৰকাশ কৰা তথ্য অনুসৰি ৩ আগষ্টলৈকে মুঠ ৫২,৮২,৪০,০৩৮ টা নমুনা পৰীক্ষা কৰা হৈছে ৷ ইয়াৰ ভিতৰত শুকুৰবাৰৰ দিনটোত পৰীক্ষা কৰা হৈছে ১৭,০৪,৯৭০ টা নমুনা ৷