নেশ্যনেল ডেস্ক, ২৪ মে': ভাৰতত কৰ'ণাৰ দৈনিক আক্ৰান্ত আৰু নিহতৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে । বিগত ২৪ ঘণ্টাত দেশত ৪,৪৫৪ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃ্ত্যুমুখত পৰিছে । উল্লেখ্য যে, যোৱা কিছুদিন ধৰি নিহতৰ সংখ্যা চাৰি হেজাৰতকৈ কম হোৱা দেখা গৈছিল যদিও দেওবাৰে পুনৰ নিহতৰ সংখ্যাই চাৰি হেজাৰৰ ঘৰ অতিক্ৰম কৰে ।
বিগত ২৪ ঘন্টাৰ নিহতৰ সংখ্যাৰ সৈতে দেশত এতিয়ালৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ৩,০৩,৭২০ জন । ইফালে, দেওবাৰৰ দিনটোত দেশত নতুনকৈ ২,২২,৩১৫ গৰাকী কৰ'ণাত আক্ৰান্ত লোক ধৰা পৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমানলৈ ভাৰতত ২,৬৭,৫২,৪৪৭ গৰাকী লোক ক'ভিডত আক্ৰান্ত হৈছে ৷