নেশ্যনেল ডেস্ক,28 ডিচেম্বৰ: ভাৰতত ক’ভিড 19ত আক্ৰান্তৰ সংখ্যা হৈছেগৈ 1,02,07,871 ৷ ইয়াৰ বিপৰীতে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে 97.82 লাখ লোকে ৷ সোমবাৰে ভাৰতীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে এই তথ্য ৷
সোমবাৰে দিনৰ 8 বজাত স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত 24 ঘন্টাত দেশত মুঠ 20,021 গৰাকী লোক নতুনকৈ ক’ভিড 19ত আক্ৰান্ত হৈছে ৷ সমান্তৰালকৈ বিগত 24 ঘন্টাত 279 গৰাকী লোকে এই মহামাৰীত মৃত্যু বৰণ কৰিছে ৷ বৰ্তমানলৈকে দেশত মুঠ 1,47,901 গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে ৷