নেশ্যনেল ডেস্ক, ২৭ ডিচেম্বৰ: অতিমাৰীৰ ভয়াৱহ সংক্ৰমণ অব্যাহত আছে দেশৰ ভিন্ন প্ৰান্তত । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ভাৰতত মাত্ৰ এটা দিনত ১৮,৭৩২ জন লোক মহামাৰীৰ কবলত পৰিছে । নতুনকৈ আক্ৰান্ত হোৱা এইসকল ৰোগীসহ এতিয়ালৈকে ভাৰতত ১,০১,৮৭,৮৫০ গৰাকী লোক COVID-১৯ত আক্ৰান্ত হৈছে । আনহাতে ৯৭,৬১,৫৩৮ গৰাকী লোক সুস্থ হয় । ভাৰতত বৰ্তমানলৈ ৯৫.৮২ শতাংশ লোকে সুস্থ হৈ উঠিছে । ইফালে মৃত্যু হোৱা লোকৰ শতাংশ ১.৪৪ হৈছে ।
বৰ্তমান দেশত COVID-১৯ৰ ২,৭৮,৬৯০ টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে । ফলত ২.৭৩ শতাংশ সক্ৰিয় ঘটনা বৃদ্ধি পাইছে ।