অসম

assam

By

Published : Nov 8, 2020, 4:34 PM IST

ETV Bharat / bharat

ভাৰতত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য

বিগত 24 ঘণ্টাত ভাৰতত 45,674 নতুন কৰ’ণা ভাইৰাছ সংক্ৰমণৰ তথ্য পোহৰলৈ আহিছে ৷ এই সংখ্যা বৃদ্ধিৰ লগে লগে ভাৰতত কৰ’ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰে 85 লক্ষাধিকৰ সীমা ৷ সম্প্ৰতি দেশখনত 5,12,665 গৰাকী ব্যক্তিয়ে ভাইৰাছবিধৰ সৈতে যুঁজি থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 78,68,968 গৰাকীয়ে ৷

India Covid 19 tracker state wise report etv bharat news
ভাৰতত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য

নতুন দিল্লী,8 নৱেম্বৰ:ভাৰতত এতিয়াও অব্যাহত আছে কৰ‘ণাৰ সংহাৰ ৷ ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 85 লাখলৈকে বৃদ্ধি হৈছে ৷ এই পৰ্যন্ত ভাইৰাছবিধত আক্ৰান্ত হোৱাৰ পিছত আৰোগ্য লাভ কৰিছে প্ৰায় 78,68,968 গৰাকী লোকে ৷ আৰোগ্যৰ হাৰ 92.49 শতাংশ ৷ এই তথ্য প্ৰকাশ কৰিছে দেশৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷ দেশখনত ভাইৰাছবিধত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে 1,20,527 গৰাকীয়ে ৷ সম্প্ৰতি 6,03,687 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ আছে ৷

কৰ’ণা আক্ৰান্ত ৰাজ্যৰ তালিকা

বিগত 24 ঘণ্টাত ভাৰতত 45,674 নতুন কৰ’ণা ভাইৰাছ সংক্ৰমণৰ তথ্য পোহৰলৈ আহিছে ৷ 559 গৰাকী ব্যক্তিৰ মৃত্যুৰে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 1,26,121 গৰাকীলৈ ৷ সম্প্ৰতি দেশখনত মৃত্যুৰ হাৰ হ্ৰাস হৈছে 1.48 শতাংশলৈ ৷ এমচিআৰৰ তথ্য অনুসৰি, 7 নৱেম্বৰত সংগৃহীত 11,77,36,791 টা নমুনাৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত শনিবাৰে সম্পন্ন হয় 11,94,487 টা নমুনাৰ পৰীক্ষা ৷

ইফালে বিগত 24 ঘণ্টাত প্ৰাণ হেৰুওৱা ব্যক্তিসকলৰ ভিতৰত 150 গৰাকী মহাৰাষ্ট্ৰৰ, 79 গৰাকী দিল্লীৰ, 58 গৰাকী পশ্চিমবংগৰ, 28 গৰাকী কেৰালাৰ, 25 গৰাকী উত্তৰ প্ৰদেশ আৰু তামিলনাডুৰ আৰু 22 গৰাকীকৈ ক্ৰমে ছত্তিশগড় আৰু কৰ্ণাটকৰ বুলি জানিব পৰা গৈছে ৷

ভাৰতৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰত 17,14,273 গৰাকী ব্যক্তি চীনা ভাইৰাছবিধত আক্ৰান্ত হয় ৷ আক্ৰান্তসকলৰ ভিতৰত 45,115 গৰাকীয়ে মৃত্যুক সাৱটি লয় ৷ বৰ্তমানে ৰাজ্যখনত 1,00,068 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ আছে ৷ ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰিছে 15,69,090 গৰাকী ব্যক্তিয়ে ৷

লগতে চাওকঃঅসম লোকসেৱা আয়োগৰ পৰীক্ষাত বিসংগতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details