নেচনেল ডেস্ক, ২৬ মাৰ্চ : ৱাশ্বিংটন ডিচিস্থিত এজন ভাৰতীয় সাংবাদিকক শনিবাৰে বিয়লি খালিস্তানী সমৰ্থকে আক্ৰমণ কৰে । ইয়াৰ পিচতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতীয় দূতাবাসে এক বিবৃতি প্ৰকাশ কৰি উক্ত ঘটনাৰ গৰিহণা দিয়ে (India condemns attack on Indian journalist in Washington) । "আমি এজন জ্যেষ্ঠ সাংবাদিকৰ ওপৰত এনে কঠোৰ আৰু অবাঞ্ছিত আক্ৰমণক গৰিহণা দিছোঁ । এনে ধৰণৰ কাৰ্যকলাপে কেৱল তথাকথিত 'খালিস্তানী প্ৰতিবাদকাৰী' আৰু তেওঁলোকৰ সমৰ্থকসকলৰ হিংসাত্মক আৰু অসামাজিক প্ৰৱণতাকহে সূচায়, যিসকলে নিয়মীয়াকৈ হিংসা আৰু তাণ্ডৱত লিপ্ত হয় (pro khalistani attacked indian journalist in Washington) ।" ভাৰতীয় দূতাবাসৰ বিবৃতিটোত এই কথা কোৱা হৈছে ।
উল্লেখ্য, ৱাশ্বিংটন ডিচিস্থিত ভাৰতীয় সাংবাদিক ললিত ঝাক শনিবাৰে বিয়লি ভাৰতীয় দূতাবাসৰ বাহিৰত খালিস্তানপন্থী প্ৰতিবাদৰ বাতৰি পৰিবেশন কৰি থকা অৱস্থাতে খালিস্তানী সমৰ্থকসকলে তেওঁক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে মৌখিকভাৱে উৎপীড়ন চলায় । "আমি আজি ৱাশ্বিংটন ডিচিত তথাকথিত 'খালিস্তানী প্ৰতিবাদ'ৰ বাতৰি পৰিবেশনৰ সময়ত প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়াৰ (PTI reporter phisically assulted by pro khalistani) এজন জ্যেষ্ঠ ভাৰতীয় সাংবাদিকক নিৰ্যাতন, ভাবুকি আৰু শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ দৃশ্য দেখিছোঁ ।" আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতীয় দূতাবাসে শনিবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এনেদৰে কয় ।