নেশ্যনেল ডেস্ক, 18 আগষ্ট : আফগানিস্তানৰ ক্ষমতা পুনৰ তালিবানৰ হাতলৈ যোৱাৰ লগে লগে আফগানিস্তানত আৱদ্ধ নিজ নিজ দেশৰ নাগৰিক সকলক লৈ বিভিন্ন দেশসমূহ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ অতি শেহতীয়াকৈ কাবুলৰ ভাৰতীয় মিশ্যন(Indian mission in Kabul)ৰ পৰা ভাৰতীয় কৰ্মচাৰী আৰু কূটনীতিবিদসকলক স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ৷ মঙলবাৰে সন্ধিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এই কথা সুনিশ্চিত কৰে ৷
এই স্থানান্তৰ প্ৰক্ৰিয়া দুটা পৰ্যায়ত সম্পূৰ্ণ কৰা হৈছে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে জানিবলৈ দিয়া মতে, মঙলবাৰে আবেলি ৰাষ্ট্ৰদূতসকলৰ লগতে ভাৰতৰ আনসকল কৰ্মচাৰী নতুন দিল্লীত উপস্থিত হয় ৷ ইয়াৰ পূৰ্বে কূটনীতিবিদ, বিষয়া আৰু সাংবাদিকসকলৰ দ্বিতীয়টো দলক লৈ ভাৰতীয় বায়ু সেনাৰ চি-১৭ হেভি লিফ্ট বিমানখন(IAF's C-17 heavy-lift aircraft) গুজৰাটৰ জামনগৰত অৱতৰণ কৰে আৰু মঙলবাৰে দুপৰীয়া 1 বজাত নতুন দিল্লীত উপস্থিত হয় ৷
লগতে পঢ়ক :এইবাৰ আফগানিস্তানত সলনি হ’ব নেকি তালিবানৰ পুৰুষতান্ত্ৰিক চৰিত্ৰ?
আন 120 গৰাকী কূটনীতিবিদ আৰু বিষয়াৰ সৈতে আফগানিস্তানৰ ভাৰতীয় ৰাষ্ট্ৰদূত(Indian ambassador to Afghanistan) ৰুদেন্দ্ৰ টণ্ডনো(Rudrendra Tandon) বিমানখনত আছে ৷
আফগানিস্তানত নিয়োজিত দূতাবাসৰ কৰ্মচাৰীসহ প্ৰায় 45 গৰাকী ভাৰতীয় আৰু বিভিন্ন সঁজুলি লৈ সোমবাৰে ভাৰতীয় বায়ু সেনা(Indian Air Force)ৰ এখন C-17 স্থানান্তৰ বিমান(evacuation flight) কাবুলৰ পৰা ভাৰতত আহি উপস্থিত হয় ৷ এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে কয়, "আমি আফগানিস্তানত থকা সকলো ভাৰতীয় নাগৰিকৰ বাবে সময়ে সময়ে ভ্ৰমণ আৰু নিৰাপত্তা পৰামৰ্শ জাৰি কৰি আহিছো ৷ আফগানিস্তানত ক্ৰমাৎ অৱনতি হোৱা নিৰাপত্তা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে আফগানিস্তানত থকাসকলক তাৎক্ষণিকভাৱে ঘূৰি আহিবলৈ আহ্বান জনোৱা হৈছিল আৰু অন্যসকলক তাত ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে ৷
মন্ত্ৰণালয়ৰ বৰ্তমান অগ্ৰাধিকাৰ আফগানিস্তানত থকা সকলো ভাৰতীয় নাগৰিকৰ বিষয়ে সঠিক তথ্য প্ৰাপ্ত কৰা বুলি জানিবলৈ দি মন্ত্ৰণালয়ে লগতে এই কথা সদৰী কৰে যে, আফগানিস্তানত বহুকেইজন ভাৰতীয় লোক আৱদ্ধ হৈ আছে আৰু সেইসকলৰ ভিতৰত একাংশ তৃতীয় দেশৰ সংগঠনৰ দ্বাৰা নিযুক্ত ৷