অসম

assam

ETV Bharat / bharat

দেশজুৰি টীকাকৰণৰ ১০০ টা দিন সম্পূৰ্ণ - টীকাকৰণৰ ক্ষেত্ৰত ভাৰত শীৰ্ষ স্থানত

যোৱা ১৬ জানুৱাৰীৰ পৰা ১০ এপ্ৰিললৈকে ৮৫ দিনৰ ব্যৱধানত ভাৰতে ক'ভিড-১৯ প্ৰতিষেধকৰ ১০০ নিযুত প্ৰতিষেধক পালি প্ৰদান কৰিছিল । এই সংখ্যাই ভাৰতক বিশ্বৰ ভিতৰতে প্ৰতিষেধক প্ৰদানৰ প্ৰথম স্থানত থকা দেশ হিচাপে স্বীকৃতি প্ৰদান কৰে । ইফালে, আমেৰিকাই ৮৯ দিনত ভাৰতৰ সংখ্যাৰ সৈতে খাপ খুৱাব পৰাকৈ প্ৰতিষেধক পালি প্ৰদান কৰিছিল ৷

দেশজুৰি টীকাকৰণ প্ৰক্ৰিয়াৰ ১০০ টা দিন সম্পূৰ্ণ
দেশজুৰি টীকাকৰণ প্ৰক্ৰিয়াৰ ১০০ টা দিন সম্পূৰ্ণ

By

Published : Apr 26, 2021, 1:35 PM IST

নেশ্যনেল ডেস্ক,২৬ এপ্ৰিল: কৰ'ণাৰ দ্ৰুত সংক্ৰমণৰ মাজতে ভাৰতত চলি আছে প্ৰতিষেধক প্ৰদান অভিযান । যোৱা ১৬ জানুৱাৰীৰ পৰা ভাৰতত আৰম্ভ হৈছিল প্ৰথম পৰ্যায়ৰ টীকাকৰণ অভিযান । ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা টীকাকৰণ প্ৰক্ৰিয়া ২৫ এপ্ৰলিত ১০০ টা দিন সম্পূৰ্ণ কৰে । যোৱা ১৮ এপ্ৰিললৈকে কেন্দ্ৰই সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ মুঠ ১৪৪ নিযুত প্ৰতিষেধকৰ পালি যোগান ধৰিছিল । ইয়াৰ ভিতৰত ১২৭ নিযুত ক’ভিশ্বীল্ড আৰু ১৭ নিযুত কোভাক্সিন যোগান ধৰিছিল । ২৪ এপ্ৰিলত ভাৰতে টীকাকৰণ প্ৰক্ৰিয়াত ১৩.৮৩ কোটিৰ ঘৰ অতিক্ৰম কৰিছে । যোৱা ২৪ এপ্ৰিলত মহাৰাষ্ট্ৰ আৰু তাৰ পিছত ৰাজস্থানত সৰ্বাধিক টীকাকৰণ প্ৰক্ৰিয়া প্ৰদান কৰা হৈছিল বুলি জনায় ।

২৩ এপ্ৰিলৰ তথ্য অনুসৰি.....

  • ২৩ এপ্ৰিললৈকে ৩১ লাখতকৈ অধিক প্ৰতিষেধক পালি প্ৰদান কৰা হৈছিল ।
  • ভাৰতৰ ৫ খন ৰাজ্যত মুঠ সক্ৰিয় ঘটনাৰ ৬০ শতাংশ আছে ।
  • যোৱা ২৪ ঘণ্টাত ১.৩৮ লাখতকৈও অধিক লোক আৰোগ্য হৈছে ।
  • মে' আৰু জুন মাহত 'প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ আন্না যোজনা'ৰ অধীনত এনএফএছএ হিতাধিকাৰীসকলক অতিৰিক্ত বিনামূলীয়া খাদ্য-সামগ্ৰী বিতৰণ কৰা হ'ব ।
  • প্ৰায় ৮০ কোটি হিতাধিকাৰীক বিনামূলীয়াকৈ প্ৰতি মাহে ৫ কিলোগ্ৰাম খাদ্য-সামগ্ৰী বিতৰণ কৰা হ'ব ।

যোৱা ১৬ জানুৱাৰীৰ পৰা ১০ এপ্ৰিললৈকে ৮৫ দিনৰ ব্যৱধানত ভাৰতে ক'ভিড-১৯ প্ৰতিষেধকৰ ১০০ নিযুত প্ৰতিষেধক পালি প্ৰদান কৰিছিল । এই সংখ্যাই ভাৰতক বিশ্বৰ ভিতৰতে প্ৰতিষেধক প্ৰদানৰ প্ৰথম স্থানত থকা দেশ হিচাপে স্বীকৃতি প্ৰদান কৰে । ইফালে, আমেৰিকাই ৮৯ দিনত ভাৰতৰ সংখ্যাৰ সৈতে খাপ খুৱাব পৰাকৈ প্ৰতিষেধক পালি প্ৰদান কৰিছিল । চীনে ১০২ দিনৰ সময় লৈছিল । জানুৱাৰী মাহৰ পৰা ক’ভিশ্বীল্ড ব্যৱহাৰ হৈ আহিছে । ই ৭৯ শতাংশ টীকাকৰণ সম্পন্ন কৰিছে । ইফালে, জৰুৰীকালীন ব্যৱহাৰৰ বাবে ক’ভাক্সিনে ৭৮ শতাংশ সম্পন্ন কৰিছে । এপ্ৰিল মাহত ভাৰতে অনুমোদন জনোৱা স্পুটনিক ভিয়ে ৯৭.৬ শতাংশ টীকাকৰণ সম্পন্ন কৰিছে ।

২ মাৰ্চত কেন্দ্ৰ চৰকাৰে প্ৰতিষেধকৰ মূল্য নিৰ্ধাৰণ কৰিছিল । চৰকাৰী হাস্পতালসমূহত বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰিবলৈ কৈছিল । আনহাতে, ব্যক্তিগত চিকিৎসালয়সমূহত, চৰকাৰে ক’ভাক্সিন আৰু ক’ভিশ্বীল্ড দুয়োটা প্ৰতিষেধকৰ সৰ্বোচ্চ মূল্য ২৫০ টকালৈকে নিৰ্ধাৰণ কৰিছে । এই সন্দৰ্ভত ২২ এপ্ৰিলত হায়দৰাবাদস্থিত ভাৰত বায়'টেক কোম্পানীটোৰ মুখ্য প্ৰৱন্ধকে কৈছিল যে শেহতীয়াকৈ ভাৰতীয় ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেলৰ দ্বাৰা অনুমোদন লাভ কৰা ৰাছিয়াৰ স্পুটনিক ভিয়ে বৰ্তমান বিশ্বজুৰি প্ৰতি পালি প্ৰতিষেধক ১০ ডলাৰতকৈও অধিক মূল্যত বিক্ৰী কৰিছে ।

লগতে পঢ়ক: ভাৰতীয় ৰে'লৱেৰ সহায়ত ১৪০ মেট্ৰিক টনতকৈ অধিক অক্সিজেন পৰিবহণ

ABOUT THE AUTHOR

...view details