নেশ্যনেল ডেস্ক, 25 জানুৱাৰী :কামাণ্ডাৰ পৰ্যায়ৰ নৱম লানি আলোচনাৰ পাচতে পুনৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত হতাহতিত লিপ্ত হৈছে ভাৰতীয় আৰু চীনা সৈনিক ৷ দেওবাৰে দিনৰ ভাগত চুচুলৰ মাল্ডোত আৰম্ভ হোৱা বৈঠক প্ৰায় 15 ঘন্টা ধৰি চলে যদিও কোনো সমাধান উলিয়াবলৈ সক্ষম নহয় ভাৰত আৰু চীনে ৷ বিগত সপ্তাহত ছিকিমৰ নাকু লাতো হতাহতিত লিপ্ত হৈছিল ভাৰতীয় স্থল সেনা আৰু চীনৰ পি এল এ ৷ এই হতাহতিত কেইবাগৰাকীও সৈনিক আঘাতপ্ৰাপ্ত হৈছিল ৷ বিগত বৰ্ষৰ এপ্ৰিল মাহৰ পৰাই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পূৱ লাডাখৰ গালৱান উপত্যকাত ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত সংঘৰ্ষ চলি আছে আৰু এই সংঘৰ্ষত 20 গৰাকীকৈ ভাৰতীয় জোৱান শ্বহীদ হৈছিল ৷ পৰৱৰ্তী সময়ত দুয়োপক্ষই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সীমান্তত মোতায়েন কৰিছিল 1লাখৰো অধিক সৈনিক ৷ ইয়াৰ মাজতেই আগষ্টত ভাৰতীয় সেনাই দখল কৰিছিল পাংগং ছ্য হ্ৰদৰ দক্ষিণ আৰু উত্তৰ পাৰৰ বহুকেইটা সামৰিক গুৰুত্বপূৰ্ণ পইন্ট ৷ সীমান্তত দেখা দিয়া সমস্যা সমাধানৰ বাবে দুয়োপক্ষই সামৰিক আৰু আমোলাতান্ত্ৰিক পৰ্যায়ত আলোচনাত মিলিত হোৱাৰ সীদ্ধান্তত উপনীত হয় ৷ বৰ্তমানলৈকে দুয়ো পক্ষৰ মাজত নৱমলানি আলোচনা অনুষ্ঠিত হৈ গৈছে যদিও ইয়াৰ কোনো সমাধান এতিয়ালৈকে অহা নাই ৷ ইয়াৰ মাজতে পুনৰবাৰ ভাৰতীয় সীমান্তত প্ৰৱেশ কৰিবলৈ লোৱা চীনা সৈনিকৰ এটা দলক খেদি পঠিয়াই ভাৰতীয় বাহিনীয়ে ৷ এই সন্দৰ্ভত ভাৰতীয় সেনা বাহিনীৰ এক শীৰ্ষ সূত্ৰই ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি, নাকু-লাত সংঘটিত হোৱা সংঘাতত দুয়োপক্ষৰে কেবাগৰাকীও জোৱান আঘাতপ্ৰাপ্ত হয় যদিও স্থানীয় কামাণ্ডাৰৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয় ৷
ভাৰত-চীনৰ নৱমলানি আলোচনাৰ মাজতেই সীমান্তত পুনৰ সংঘাত - china
দেওবাৰে দিনৰ ভাগত চুচুলৰ মাল্ডোত হোৱা বৈঠক প্ৰায় 15 ঘন্টা ধৰি চলে যদিও ইয়াৰ কোনো সমাধান উলিয়াবলৈ সক্ষম নহয় ভাৰত আৰু চীনে ৷ বিগত কিছু দিন ধৰি ভাৰতীয় আৰু চীনা সৈনিকৰ মাজত অব্যাহত আছে সংঘাত ৷
অব্যাহত আছে ভাৰত-চীনৰ সংঘাত
Last Updated : Jan 25, 2021, 12:54 PM IST