অসম

assam

ETV Bharat / bharat

India-China Border Dispute: দুয়োপক্ষৰ মাজত চতুৰ্দশ সংখ্যক আলোচনা - ডেপচাং

ভাৰত-চীন সীমান্ত অঞ্চলত উত্তেজনা অব্যাহত থকাৰ মাজতে দুয়োপক্ষৰ মাজত আলোচনা চলি আছে । ভাৰত-চীন সীমান্ত পৰিক্ৰমাৰ ওপৰত পৰামৰ্শ আৰু সমন্বয়ৰ বাবে নিৰ্ধাৰিত কৰা হৈছে চতুৰ্দশ সংখ্যক আলোচনা ।

India China talk
দুয়োপক্ষৰ মাজত চতুৰ্দশ সংখ্যক আলোচনা

By

Published : Nov 18, 2021, 6:30 PM IST

নেশ্যনেল ডেস্ক,১৮ নৱেম্বৰ :ভাৰত আৰু চীনৰ সীমান্ত বিবাদক লৈ (Border dispute) দুয়োপক্ষৰ মাজত আলোচনা অব্যাহত আছে । বিগত বছৰত গালৱান সংঘৰ্ষৰ (Galwan clash) পাছত দুয়োপক্ষৰ মাজত কেইবাটাও পৰ্যায়ৰ সামৰিক আৰু কূটনৈতিক আলোচনা (military and diplomatic talks) সম্পন্ন হৈছে । কিন্তু সীমা সমস্যা সমাধান সন্দৰ্ভত এতিয়ালৈ কোনো নিৰ্দিষ্ট মীমাংসা হোৱা নাই । ইয়াৰ মাজতে বৃহস্পতিবাৰে পুনৰ দুয়োখন দেশৰ প্ৰতিনিধিৰ মাজত আলোচনা অনুষ্ঠিত হয় ।

দুয়োপক্ষৰ মাজত চতুৰ্দশ সংখ্যক আলোচনাত ভাৰত-চীন সীমান্ত পৰিক্ৰমা (WMCC)ৰ ওপৰত পৰামৰ্শ আৰু সমন্বয়ৰ বাবে কাৰ্য নিৰ্ধাৰিত কৰা হৈছে । লক্ষণীয়ভাৱে আলোচনা চলি থকাৰ সময়ত প্ৰচণ্ড শীতৰ মাজতো পূৱ লাডাখৰ প্ৰতিটো দিশতে দুয়োখন দেশে বৃহৎ সামৰিক শক্তি গঢ়ি তোলা দেখা গৈছে । ইফালে ডেপচাং (Depsang) আৰু হট স্প্ৰিংছ (Hot Springs) অঞ্চলত এতিয়াও উত্তেজনা অব্যাহত আছে ।

এই বছৰৰে অক্টোবৰত ভাৰত আৰু চীনৰ মাজত অন্তিম কৰ্পছ কামাণ্ডাৰ পৰ্যায়ৰ (Corps Commander level) সামৰিক আলোচনা অনুষ্ঠিত হৈছিল । বৈঠকৰ পাছত ভাৰতে কৈছিল যে বৈঠকৰ সময়ত ভাৰতৰ পক্ষই বাকী অঞ্চলসমূহৰ সমাধানৰ বাবে গঠনমূলক পৰামৰ্শ আগবঢ়াইছে; কিন্তু চীনৰ পক্ষই সন্মত হোৱা নাছিল । যাৰ বাবে বৈঠকৰ ফলত বাকী থকা ক্ষেত্ৰসমূহৰ কোনো সমাধান ওলোৱা নাছিল ।

ভাৰতে লগতে কৈছিল যে দ্বিপাক্ষিক সম্পৰ্কৰ যিকোনো অগ্ৰগতিৰ বাবে সমস্যা সম্পূৰ্ণ সমাধান হোৱাটো অতি প্ৰয়োজন । ভাৰতে লগতে কয় যে এলএচিৰ (LAC) পৰিস্থিতি চীনৰ পক্ষই একপক্ষীয়ভাৱে স্থিতি সলনি কৰাৰ ফলত আৰু দ্বিপাক্ষিক চুক্তি উলংঘা কৰাৰ ফলত হৈছিল । সেয়েহে চীনা পক্ষই বাকী অঞ্চলসমূহত উপযুক্ত পদক্ষেপ লোৱাটো প্ৰয়োজনীয় আছিল, যাতে পশ্চিম খণ্ডত LACৰ সৈতে শান্তি স্থাপন কৰিব পৰা যায় ।

লগতে পঢ়ক :Pride-Prejudice and Punditry: শশী থাৰুৰে ব্যাখ্যা কৰিলে 'হিন্দুত্ব' আৰু 'হিন্দু'ৰ পাৰ্থক্য

ABOUT THE AUTHOR

...view details