অসম

assam

By

Published : Apr 14, 2023, 8:06 AM IST

ETV Bharat / bharat

India on Myanmar violence : ম্যানমাৰত হিংসা বন্ধৰ আহ্বান ভাৰতৰ

ৰাষ্ট্ৰীয় ৰাজধানীত সাপ্তাহিক সংবাদমেল সম্বোধন কৰি বিদেশ মন্ত্ৰণালায়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়, "আমি ১১ এপ্ৰিলত ম্যানমাৰৰ চাগাইং অঞ্চলৰ কানবালু টাউনশ্বিপৰ ওচৰত সংঘটিত হিংসাত্মক ঘটনাৰ উদ্বেগজনক কথা জানিব পাৰিছোঁ । ম্যানমাৰৰ জনসাধাৰণৰ চুবুৰীয়া আৰু বন্ধু হিচাবে আমি বাৰে বাৰে সকলো পক্ষৰ হিংসা বন্ধ কৰিবলৈ আৰু সকলো সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ বাবে আহ্বান জনাইছোঁ (India calls for cessation of violence in Myanmar) ।"

India on Myanmar violence
India on Myanmar violence

নিউজ ডেস্ক, ১৪ এপ্ৰিল : ম্যানমাৰত শেহতীয়াভাৱে সংঘটিত হিংসাত্মক ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে ভাৰতে । যাৰ বাবে বৃহস্পতিবাৰে ভাৰতে ম্যানমাৰত সংঘটিত হিংসা বন্ধ কৰিবলৈ আহ্বান জনাইছে (India calls for cessation of violence in Myanmar) । লগতে সকলো সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ বাবেও আহ্বান জনায় । উল্লেখ্য, মঙলবাৰে ম্যানমাৰৰ চাগাইং অঞ্চলত হোৱা বিমান আক্ৰমণত শতাধিক লোক নিহত হয় (airstrikes in Myanmar) । এই শোকাৱহ ঘটনাৰ পিচতে ভাৰতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে কয় ।

ৰাষ্ট্ৰীয় ৰাজধানীত সাপ্তাহিক সংবাদমেল সম্বোধনৰ সময়ত বিদেশ মন্ত্ৰণালয়ৰৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় (MEA spokesperson Arindam Bagchi), "আমি ১১ এপ্ৰিলত ম্যানমাৰৰ চাগাইং অঞ্চলৰ কানবালু টাউনশ্বিপৰ ওচৰত সংঘটিতত হিংসাত্মক ঘটনাৰ উদ্বেগজনক পৰিৱেশ দেখিছোঁ । ম্যানমাৰৰ জনসাধাৰণৰ চুবুৰীয়া আৰু বন্ধু হিচাবে আমি বাৰে বাৰে সকলো পক্ষকে এই হিংসা বন্ধ কৰিবলৈ আহ্বান জনাইছোঁ ৷ লগতে সকলো সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ বাবে আহ্বান জনাইছোঁ ।"

"ভাৰতে ম্যানমাৰত শান্তি, স্থিৰতা আৰু গণতন্ত্ৰ ঘূৰাই অনাৰ বাবে পুনৰ আহ্বান জনাইছে ।" বাগচীয়ে লগতে কয় । উল্লেখ্য, ম্যানমাৰৰ পৰিস্থিতিৰ প্ৰসংগ আহিলেই ম্যানমাৰৰ সৈতে থকা কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত ভাৰতে একপ্ৰকাৰ সতৰ্ক দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে । প্ৰণিধানযোগ্য যে ২০২১ চনৰ ফেব্ৰুৱাৰীত দেশখন সামৰিক শাসনৰ অধীনলৈ যোৱাৰ পিচৰে পৰা এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে (military takeover in Myanmar) ।

উল্লেখ্য, মঙলবাৰে পুৱা চাগাইং অঞ্চলৰ দূৰৱৰ্তী কান্তবালু টাউনশ্বিপত এক বিমান আক্ৰমণৰ ঘটনা সংঘটিত হয় । সূত্ৰ অনুসৰি, তাত মৃত্যুৰ সংখ্যা এতিয়াও অস্পষ্ট হৈ আছে । অৱশ্যে প্ৰতিবেদন অনুসৰি বিমান আক্ৰমণত মহিলা আৰু শিশুসহ কমেও ১৬৫ জন লোক নিহত হয় । এই ঘটনাত ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে তীব্ৰ গৰিহণা প্ৰদান কৰিছে (UN Secretary General Antonio Guterres condemned Myanmar airstricke) ।

তেওঁ এই ঘটনাৰ লগত জড়িত লোকসকলক জবাবদিহি কৰিবলৈ আহ্বান জনায় । আনহাতে, আঘাতপ্ৰাপ্তসকলক জৰুৰী চিকিৎসা আৰু সহায়ৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰে আহ্বান জনায় । তেওঁ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ অনুসৰি, সমগ্ৰ দেশতে ম্যানমাৰৰ জনসাধাৰণৰ বিৰুদ্ধে চলাই থকা হিংসাত্মক অভিযান সমাপ্ত কৰিবলৈ সামৰিক বাহিনীক আহ্বান জনায় ।

লগতে পঢ়ক :Myanmar Junta airstrike : ম্যানমাৰৰ জুণ্টা বিমান আক্ৰমণত নিহত কমেও ১৩৩

ABOUT THE AUTHOR

...view details