অসম

assam

ETV Bharat / bharat

#Pegasus: ভাৰতে প্ৰতিৰক্ষা চুক্তিৰ অংশ হিচাবে পেগাছাচ স্পাইৱেৰ কিনিছিল: ৰিপৰ্ট - Pegasus

পেগাছাচ স্পাইৱেৰ এনে এক প্ৰযুক্তি যাৰ সহায়ত আন কোনো ব্যক্তিগত চোৰাংচোৱা প্ৰতিস্থান বা সংস্থাই কৰিব নোৱাৰা কাম সম্পন্ন কৰিব পাৰি ৷ ইয়াৰ জড়িয়তে নিৰৱিচ্চিন্নভাৱে আৰু সম্পূৰ্ণ বিশ্বাসযোগ্যভাৱে আই ফোন আৰু এণ্ড্ৰইড ফোনৰ বাৰ্তাসমূহ এনক্ৰিপ্ত কৰিব পাৰি ।

pegasus spyware
পেগাছাচ স্পাইৱেৰ

By

Published : Jan 29, 2022, 2:36 PM IST

নিউজ ডেস্ক, ২৯ জানুৱাৰী :নিউয়ৰ্ক টাইমচৰ এক প্ৰতিবেদন মতে ২০১৭ চনত ভাৰত আৰু ইজৰাইলৰ মাজত অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ আৰু ইন্টেলিজেঞ্চ আহিলা সম্পৰ্কীয় সম্পন্ন হোৱা ২ বিলিয়ন আমেৰিকান ডলাৰৰ চুক্তিৰ এক কেন্দ্ৰবিন্দু আছিল পেগাচাছ স্পাইৱেৰ ।

যোৱা বছৰ ভাৰতকে ধৰি বহু দেশৰ চৰকাৰে এই পেগাছাচ স্পাইৱেৰ ৰাজনৈতিক নেতা, মানৱাধিকাৰ কৰ্মী তথা সাংবাদিকসকলৰ ওপৰত নজৰ ৰাখিবলৈ ব্যৱহাৰ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল (Controversy over Pegasus spyware last year) । চৰকাৰৰ দ্বাৰা এই পেগাচাছ স্পাইৱেৰৰ গোপন ব্যবহাৰৰ বিষয়টোৱে ব্যক্তিগত গোপনীয়তাক লৈও উদ্বিগ্নতাৰ সৃষ্টি কৰিছিল (Triggered concern over privacy) ।

কাকতখনত প্ৰকাশিত বাতৰি মতে এন এচ অ’ নামৰ ইজৰাইলী সংস্থাটোৱা যোৱা প্ৰায় এক দশক কাল ধৰি বহু দেশৰ চোৰাংচোৱা সংস্থাসমূহক এই গোপন তদাৰকী কৰিব পৰা চফ্টৱেৰটো বিক্ৰী কৰি আহিছে । এন এচ অ’ৰ মতে পেগাছাচ স্পাইৱেৰ এনে এক প্ৰযুক্তি যাৰ সহায়ত আন কোনো ব্যক্তিগত চোৰাংচোৱা প্ৰতিস্থান বা সংস্থাই কৰিব নোৱাৰা কাম সম্পন্ন কৰিব পাৰি --নিৰৱিচ্চিন্নভাৱে আৰু সম্পূৰ্ণ বিশ্বাসযোগ্যভাৱে আই ফোন আৰু এণ্ড্ৰইড ফোনৰ বাৰ্তাসমূহ এনক্ৰিপ্ত কৰিব পাৰি ।

যোৱা বছৰ ভাৰততো এই পেগাছাচ স্পাইৱেৰ চফ্টৱেৰৰ সহায়ত কিছু নিৰ্দিষ্ট লোকৰ ওপৰত নজৰ ৰাখিবলৈ ব্যৱহাৰ হোৱা বুলি বাতৰি ওলোৱাৰ পাছতেই তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল (Pegasus Spyware used for targetted surveilance) । এই বিতৰ্কৰ পাছত কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰে এই অভিযোগ সমূলি নাকচ কৰিছিল আৰু কৈছিল যে এই অভিযোগৰ কোনো বাস্তৱ ভিত্তি নাই ।

যোৱা বছৰ অক্টোবৰ মাহত সৰ্বোচ্চ ন্যায়ালয়ে চৰকাৰৰ দ্বাৰা কিছু নিৰ্দিষ্ট লোকৰ ওপৰত নজৰ ৰাখিবলৈ এই ইজৰাইলী পেগাচাছ স্পাইৱেৰ ব্যবহাৰ কৰাৰ অভিযোগৰ তদন্ত কৰাৰ বাবে এখন তিনিজনীয়া সমিতি গঠন কৰি দি কৈছিল যে ৰাষ্ট্ৰীয় সুৰক্ষাৰ নামত চৰকাৰে সকলো সময়তে মুক্ত স্বাধীনতা উপভোগ কৰিব নোৱাৰে আৰু ন্যায়ালয়ে ইয়াৰ নিৰৱ দৰ্শক হৈ থাকিব নোৱাৰে (Supreme Court on Pegasus Spyware Cntroversy) । নিউয়ৰ্ক টাইমচৰ প্ৰতিবেদন মতে আমোৰিকাৰ চোৰাংচোৱা সংস্থা এফ বি আয়েও পেগাছাচ স্পাইৱেৰৰ এটা সংস্কৰণ কিনিছিল ।

পৃথিবীজোৰা বিতৰ্কৰ পাছত যোৱা বছৰ ইজৰাইল চৰকাৰে এন এচ অ’ নামৰ সংস্থাটোৰ পৰা নিজকে আঁতৰ কৰিছিল আৰু কৈছিল যে এন এচ অ’ এক ব্যক্তিগত সংস্থা আৰু ইয়াৰ লগত চৰকাৰৰ কোনো সম্পৰ্ক নাই ।

লগতে পঢ়ক :Brahmos Supersonic Missile: ভাৰত আৰু ফিলিপাইনচৰ মাজত আজি ৩৭৫ নিযুত ডলাৰৰ চুক্তি সম্পন্ন

ABOUT THE AUTHOR

...view details