নেশ্যনেল ডেস্ক, 5 আগষ্ট :বিৰোধী সংগঠন INDIA ৰ (Opposition bloc INDIA) পৰৱৰ্তী বৈঠক 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত মুম্বাইত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । বেংগালুৰু বৈঠকৰ ফৰ্মেটত অনুষ্ঠিত হ’ব এই বৈঠকখন ৷ য’ত পিচদিনা মূল বৈঠকৰ পূৰ্বে 31 আগষ্টত নেতাসকলে অনানুষ্ঠানিকভাৱে আলোচনাত মিলিত হ’ব ৷ শুকুৰবাৰে এক বিশেষ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য ৷
এই সূত্ৰটোৰ পৰা লাভ কৰা তথ্য মতে, সম্ভাৱত পাৱাইৰ এখন হোটেল হ’ব এই বৈঠক ৷ লগতে 1 ছেপ্টেম্বৰৰ সন্ধিয়া সকলো নেতা লগ হৈ এক সংবাদমেলতো ভাগ ল’ব ৷ উল্লেখ্য যে, পূৰ্বতেও কেইবাটাও তাৰিখৰ কথা উল্লেখ কৰা হৈছিল কিন্তু সেইবোৰ ফলপ্ৰসূ নহ’ল ৷ কাৰণ উক্ত তাৰিখবোৰত উপস্থিত নাছিল সকলো নেতা ।
মহাৰাষ্ট্ৰত মহা বিকাশ আঘাদী মিত্ৰজোঁটৰ সমষ্টিবাসীয়ে যৌথভাৱে আয়োজন কৰিছে ব্লকৰ তৃতীয়খন বৈঠক । MVA ৰ সমষ্টিবাসীয়ে বৈঠকৰ সময়সূচী সন্দৰ্ভত আলোচনা কৰি আছিল । INDIA ব্লকৰ প্ৰথমখন বৈঠক জুন মাহত পাটনাত আৰু যোৱা মাহত বেংগালুৰুত দ্বিতীয়খন বৈঠক অনুষ্ঠিত হৈছিল ।
নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত যোগাযোগ আৰু 2024 চনৰ সাধাৰণ নিৰ্বাচনী প্ৰচাৰৰ দৰে নিৰ্দিষ্ট কাৰ্যৰ বাবে কমিটী গঠনৰ কথাও ঘোষণা কৰাৰ সম্ভাৱনা আছে মিত্ৰজোঁটে । দলসমূহৰ মাজত উন্নত সমন্বয়ৰ বাবে যুটীয়া সচিবালয়ো শীঘ্ৰে ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে ৷
এই বৈঠকৰ সময়ত দলসমূহে নিজৰ মতানৈক্যক যিমান পাৰি দূৰ কৰাৰ চেষ্টা কৰিব ৷ বিশেষকৈ যিবোৰ ৰাজ্যত তেওঁলোকে প্ৰত্যক্ষ নিৰ্বাচনৰ যুদ্ধত অৱতীৰ্ণ হ’ব । সকলোৰে জ্ঞাত যে, বেংগালুৰুৰ বৈঠকতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে 26 টা দলৰ প্ৰায় চাৰি ঘণ্টীয়া বৈঠকৰ অন্তত বিৰোধী ব্লকৰ নাম ঘোষণা কৰিছিল - ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুছিভ এলায়েন্স চমুকৈ I.N.D.I.A. ।
তেওঁ কৈছিল যে সমন্বয়ৰ বাবে 11 জনীয়া এখন সমিতিও গঠন কৰা হ’ব আৰু মুম্বাইত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী বৈঠকত এজন আহ্বায়ক নিৰ্বাচিত কৰা হ’ব । বিৰোধী মিত্ৰজোঁটৰ অংশ হিচাপে থকা 26 টা বিৰোধী দল হ’ল - কংগ্ৰেছ, TMC, DMK, AAP, JD(U), RJD, JMM, NCP (শ্বাৰদ পাৱাৰ), শিৱসেনা (UBT), SP, NC, PDP, CPI(M), CPI, RLD, MDMK, কংগুনাডু মক্কল দেশিয়া কাট্চি (KMDK), VCK, RSP, CPI-ML (Liberation), ফৰৱাৰ্ড ব্লক, IUML, কেৰালা কংগ্ৰেছ (জোচেফ), কেৰেলা কংগ্ৰেছ (মণি), আপনা দল (কামেৰাৱাড়ী ), আৰু মণিথনেয় মক্কল কট্চি (MMK) ৷
লগতে পঢ়ক :Rahul Gandhi Meet Lalu Yadav: লালু প্ৰসাদ যাদৱক সাক্ষাৎৰ বাবে বাসগৃহত উপস্থিত ৰাহুল গান্ধী