নিউজ ডেস্ক, ১ আগষ্ট :ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স চমুকৈ ইণ্ডিয়া মিত্ৰজোঁটৰ বিৰোধী সাংসদসকলে মঙলবাৰে মণিপুৰ পৰিস্থিতিৰ ওপৰত ৰণনীতি প্ৰস্তুত কৰিবলৈ সংসদত মিলিত হয় । লগতে সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতিৰ দাবীও পুনৰ দোহাৰে ।
ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেৰ কক্ষত অনুষ্ঠিত বৈঠকত সাংসদসকলে মণিপুৰ সন্দৰ্ভত এক বিতং আলোচনাৰ দাবী জনায় । এক ভিডিঅ' বিবৃতিত তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ'ব্ৰায়েনে কয়, "প্ৰধানমন্ত্ৰী মোদী, আপুনি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দ্বাৰা অনুপ্ৰাণিত হৈ সংসদৰ ভিতৰত বক্তব্য নাৰাখে কিয় ।"
তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলে সংসদত ভাষণ আগবঢ়োৱোৰা কেইবাটাও উদাহৰণো দাঙি ধৰে । উল্লেখ্য যে ৩ মে'ত জাতিগত সংঘৰ্ষ সংঘটিত হোৱাৰ পিছত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীয়ে মণিপুৰ বিষয়ত দুয়োখন সদনতে প্ৰধানমন্ত্ৰীৰ বিবৃতি আৰু উত্তৰ-পূবৰ ৰাজ্যখনৰ পৰিস্থিতিৰ ওপৰত সংসদত আলোচনাৰ দাবী জনাই আহিছে ।
এই হিংসাত্মক ঘটনাৰ ফলত শ শ লোকৰ মৃত্যু হৈছে । আনহাতে, হাজাৰ হাজাৰ লোকে সাহায্য শিবিৰত আশ্ৰয় ল'বলৈ বাধ্য হৈছে । মণিপুৰত জাতিগত সংঘৰ্ষক লৈ বিৰোধীৰ প্ৰতিবাদৰ বাবে দুয়োখন সদনতে সামান্য কাৰ্যক্ৰমণিকা হোৱাৰ বিপৰীতে সংসদৰ বৰ্ষাকালীন অধিবেশন প্ৰায় স্তব্ধ হৈ পৰে । বিৰোধীয়ে দাবী কৰি আহিছে যে প্ৰধানমন্ত্ৰীয়ে দুয়োখন সদনতে এক বিস্তৃত বিবৃতি দিব লাগে আৰু কোনো সময়সীমা অবিহনে বিতৰ্ক কৰিব লাগিব ।
উল্লেখ্য যে মণিপুৰৰ শেহতীয়া হিংসাত্মক ঘটনা আৰু তাৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি অধ্যয়ন কৰিবলৈ শনিবাৰ আৰু দেওবাৰে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ এটি সংসদীয় দলে উত্তৰ-পূবৰ ৰাজ্যখন ভ্ৰমণ কৰে । উক্ত ভ্ৰমণৰ সময়ছোৱাত কেইবাটাও হিংসাপীড়িত অঞ্চলৰ লোকসকলক লগ কৰি তেওঁলোকৰ দুৰ্দশাৰ বুজ লয় । লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰ সৈতেও মত বিনিময় কৰে । ইয়াৰ উপৰি দেওবাৰে মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকিকো সাক্ষাত কৰে ।
লগতে পঢ়ক :Nuh Violence : নুহৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ আঁৰত ষড়যন্ত্ৰৰ সন্দেহ গৃহমন্ত্ৰীৰ