অসম

assam

ETV Bharat / bharat

বিৰোধী মিত্ৰজোঁটৰ দিল্লী বৈঠক আৰম্ভ; ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুতৰ আশা - Congress leader Rahul Gandhi

INDIA Bloc Meeting : দিল্লীৰ অশোক হোটেলত চলি থকা বৈঠকখন পূৰ্বতে ৬ ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু গুৰুত্বপূৰ্ণ নেতাসকল উপস্থিত থাকিব নোৱৰাৰ বাবে বাতিল কৰা হয় । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, চিপিপি অধ্যক্ষ ছোনিয়া গান্ধী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূলৰ ছুপ্ৰিমো মমতা বেনাৰ্জী, কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ বৈঠকত উপস্থিত আছে ।

INDIA Bloc meeting Delhi
বিৰোধী মিত্ৰজোঁটৰ দিল্লী বৈঠক আৰম্ভ

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 5:00 PM IST

নিউজ ডেস্ক, ১৯ ডিচেম্বৰ : ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্ট ইনক্লুছিভ এলায়েন্স চমুকৈ ইণ্ডিয়াৰ বহু প্ৰতীক্ষিত চতুৰ্থ বৈঠক মঙলবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত আৰম্ভ হৈছে । ইয়াত মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকলে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক ঐক্যবদ্ধভাৱে পৰাস্ত কৰাৰ বাবে আগবাঢ়ি যোৱাৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব ।

দিল্লীৰ অশোক হোটেলত চলি থকা বৈঠকখন পূৰ্বতে ৬ ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ নেতাসকল বৈঠকখনত উপলব্ধ নোহোৱাৰ বাবে বৈঠকখন বাতিল কৰা হয় । আনহাতে, মঙলবাৰৰ বৈঠকত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছ সংসদীয় সমিতিৰ অধ্যক্ষ ছোনিয়া গান্ধী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ ছুপ্ৰিমো মমতা বেনাৰ্জী, কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ উপস্থিত আছে ।

উল্লেখ্য যে বিৰোধী নেতাসকলে শেহতীয়া বিধানসভা নিৰ্বাচনৰ বিফলতাৰ পিছত এক যুটীয়া প্ৰচাৰ, আসন ভাগ-বতৰা ব্যৱস্থা আৰু তেওঁলোকৰ ৰণনীতি পুনৰ গ্ৰহণৰ কৰাৰ বাবে এক ব্লুপ্ৰিণ্টৰ ওপৰত চিন্তা-চৰ্চা কৰিবলৈ সাজু হৈছে । ইণ্ডিয়া ব্লকে এক 'মূল ইতিবাচক কাৰ্যসূচী' গ্ৰহণ কৰি আগবাঢ়ি যোৱাটোও মুখ্য প্ৰত্যাহ্বানসমূহৰ ভিতৰত থাকিব ।

এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ মতে, বিৰোধী মিত্ৰজোঁটৰ অংশীদাৰসকলে বৈঠকত 'ম্যে নেহী, হাম' (মই নহয়, আমি) বিষয়বস্তুৰে আগবাঢ়িব বিচাৰে ।

আনহাতে, মমতা বেনাৰ্জীয়ে পৰামৰ্শ দিছে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত ব্লকৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ সিদ্ধান্ত লোৱা হ'ব । বৈঠকৰ প্ৰাকমুহূৰ্তত আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মমতা বেনাৰ্জী আৰু শিৱসেনাৰ (ইউবিটি) সভাপতি উদ্ধৱ থাকৰেক সাক্ষাৎ কৰে ।

লগতে পঢ়ক :ছত্তীশগড়ৰ বিধানসভাৰ নতুন অধ্যক্ষ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমণ সিং

ABOUT THE AUTHOR

...view details