নেশ্যনেল ডেস্ক,২২ ডিচেম্বৰ :সংসদৰ চলিত শীতকালীন অধিবেশনৰ সময়ত বিৰোধীৰ ১৪৬ গৰাকী সাংসদক নিলম্বন কৰাক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিৰোধী দলবোৰৰ মাজতো তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে । বিৰোধী দলবোৰে প্ৰতিবাদো অব্যাহত ৰাখিছে । তাৰ অংশস্বৰূপে বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ নেতাসকলে শুকুৰবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত সংসদৰ চলিত শীতকালীন অধিবেশনৰ সময়ত বিৰোধী সাংসদক নিলম্বন কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
জানিব পৰা মতে সংসদৰ শীতকালীন অধিবেশনৰ পৰা নিলম্বিত সাংসদসকলেও যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰে ।ইফালে 'ইণ্ডিয়া' মিত্ৰজোঁটৰ নেতৃত্বত কংগ্ৰেছে সাংসদসকলক নিলম্বন কৰাৰ বিৰুদ্ধে সকলো জিলা সদৰতে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷
নিলম্বিত সাংসদসকলৰ ভিতৰত থকা কংগ্ৰেছ সাংসদ শশী থাৰুৰে বৃহস্পতিবাৰে কয় যে সকলো ৰাজ্যতে 'ইণ্ডিয়া' ব্লকৰ নেতৃত্বত শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰা হ'ব ৷ তেওঁৰ মতে প্ৰতিবাদ কৰাটো উচিত আৰু সকলোৱে দিল্লীৰ যন্তৰ মন্তৰত থাকিব । তেওঁৰ মতে ইয়াৰ জৰিয়তে বিৰোধীয়ে ৰাইজক দেখুৱাব বিচাৰিছে যে চৰকাৰে কেনেদৰে সংসদ চলাইছে । তেওঁৰ মতে যদি চৰকাৰে বিৰোধীৰ কথা নুশুনে তেন্তে তেওঁলোকে গণতন্ত্ৰ ধ্বংস কৰিব ।