নেশ্যনেল ডেস্ক,১৩ জানুৱাৰী :বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ দলবোৰৰ আসন ভাগ-বাটোৱাৰাক লৈ আলোচনা আৰম্ভ হৈছে । শনিবাৰে ইণ্ডিয়া ব্লকৰ নেতাসকলৰ এক ভাৰ্ছুৱেল বৈঠক আৰম্ভ হয় আসন ভাগ-বটোৱাৰাৰ কাৰ্যসূচী, ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ আৰু মিত্ৰতা সম্পৰ্কীয় বিভিন্ন বিষয়ৰ আলোচনা হয় । 'ইণ্ডিয়া' ব্লকৰ নেতাসকলে মিত্ৰতাৰ বাবে আহ্বায়কৰ নাম আলোচনা কৰাৰ সম্ভাৱনা আছে ।
নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ (এনচিপি) মুৰব্বী শৰদ পাৱাৰেও মুম্বাইত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে 'ইণ্ডিয়া' ব্লকৰ নেতাসকলৰ বৈঠকত অংশগ্ৰহণ কৰে । তামিলনাডুৰ মুখ্যমন্ত্ৰী আৰু ডিএমকে নেতা এম কে ষ্টেলিন আৰু দলৰ নেতা কানিমোঝি কৰুণানিধি চেন্নাইৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বৈঠকত অংশগ্ৰহণ কৰে ।
ইয়াৰ পূৰ্বে, শুকুৰবাৰে সন্ধিয়া আসন ভাগ-বটোৱাৰা সন্দৰ্ভত কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয় । বৈঠকখন মুকুল ৱাছনিকৰ বাসগৃহত প্ৰায় দুঘণ্টা ধৰি চলিছিল । দলীয় সূত্ৰৰ মতে দুয়োটা দলৰ নেতাসকলে বৈঠকখনক এক ইতিবাচক পদক্ষেপ বুলি বৰ্ণনা কৰিছে । কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে শুকুৰবাৰে জানিবলৈ দিয়ে যে মণিপুৰত ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাত মিত্ৰজোঁটৰ দলসমূহৰ অংশগ্ৰহণ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হ'ব ।