নেশ্যনেল ডেস্ক,২২ ডিচেম্বৰ :শীতকালীন অধিবেশনৰ সময়ছোৱাত বিৰোধীৰ ১৪৪ গৰাকী সাংসদক নিলম্বনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে । শুকুৰবাৰে 'গণতন্ত্ৰ বচাওক ভাৰত বচাওক' শ্ল'গানেৰে বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া' ব্লকে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ২৮ টা দলৰ মিত্ৰজোঁটৰ নেতাসকলে সংসদৰ সদ্যসমাপ্ত শীতকালীন অধিবেশনৰ পৰা বিৰোধী সাংসদক নিলম্বন কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
একেদৰে, বিভিন্ন ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰা হয় । দিল্লীৰ যন্তৰ মন্তৰত সমবেত লোকসকলক সম্বোধন কৰি কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে মোদী চৰকাৰে সংবিধান, গণতন্ত্ৰ আৰু দৰিদ্ৰ লোকসকলক নিঃশেষ কৰাৰ প্ৰস্তাৱ লৈছে । এই চৰকাৰে জাতি আৰু ধৰ্মৰ মাজত বিভেদ আনিছে । বিজেপি চৰকাৰে দৰিদ্ৰ লোকসকলক কথা ক'বলৈ নিদিয়াৰো অভিযোগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।
কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা লোকসভাৰ সাংসদ ৰাহুল গান্ধীয়েও বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে কিছুদিন পূৰ্বে একাংশ লোকক সংসদত প্ৰৱেশ কৰা দেখি গৈছিল যিসকলে গেছ নিক্ষেপ কৰিছিল । কিন্তু তেওঁলোকে সদনৰ ভিতৰত কেনেকৈ প্ৰৱেশ কৰিছিল ? নিৰাপত্তা ব্যৱস্থা ক'ত আছিল বুলি প্ৰশ্ন কৰে । নিবনুৱা সমস্যাৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে আজিৰ যুৱক-যুৱতীসকলে মোবাইল, ফেচবুক আৰু এনে ধৰণৰ অন্যান্য কাৰ্যকলাপত ৭ ঘণ্টাতকৈও অধিক সময় অতিবাহিত কৰে ।
ৰাহুল গান্ধীৰ অভিযোগ বিজেপি চৰকাৰে নিযুক্তি নিদিয়ে । সেইকাৰণে দেশৰ যুৱকসকলে তেওঁলোকৰ উদ্বেগ প্ৰকাশ কৰিবলৈ সংসদত প্ৰৱেশ কৰিছিল । একাংশ সংবাদ মাধ্যমক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে কয় যে নৰেন্দ্ৰ মিডিয়াই নাভাবে যে দেশত নিবনুৱা আছে । সংবাদ মাধ্যমক লক্ষ্য কৰি ৰাহুল গান্ধীয়ে কয় যে সংবাদ মাধ্যমে তেওঁক সংসদৰ বাহিৰত ভিডিঅ' লোৱা দেখুৱাইছে । কিন্তু সংবাদ মাধ্যমে গৃহ মন্ত্ৰীক অনুপ্ৰৱেশকাৰী আৰু নিবনুৱাৰ বিষয়ে প্ৰশ্ন কৰা নাই । তেওঁৰ মতে বিৰোধী আৰু শাসকীয় দলৰ মাজৰ বৰ্তমানৰ যুঁজ ঘৃণা আৰু প্ৰেমৰ মাজৰ যুঁজ ।