নিউজ ডেস্ক, ২২ নৱেম্বৰ : হামাছৰ বিৰুদ্ধে যুদ্ধত পুনৰবাৰ ইজৰাইলৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ভাৰত আৰু অষ্ট্ৰেলিয়াই । লগতে দুয়োখন দেশে অসামৰিক লোকৰ সুৰক্ষাকে ধৰি আন্তৰ্জাতিক মানৱীয় আইন পালনৰ বাবেও আহ্বান জনাইছে । আনহাতে, গাজাত পণবন্দী হৈ থকা বাকী সকলো বন্দীকে তাৎক্ষণিকভাৱে মুক্তি দিবলৈও আহ্বান জনাইছে ভাৰত আৰু অষ্ট্ৰেলিয়াই ।
৭ অক্টোবৰত ইজৰাইলৰ বিৰুদ্ধে ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি দুয়ো ৰাষ্ট্ৰই এইকথা পুনৰ দোহাৰে যে তেওঁলোকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ইজৰাইলৰ সৈতে থিয় দিছে । আনহাতে, সাধাৰণ নাগৰিকৰ সুৰক্ষাকে ধৰি আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন পালনৰো আহ্বান জনাইছে । এক যুটীয়া বিবৃতিত দুয়োখন দেশে বাকী থকা সকলো বন্দীক তাৎক্ষণিকভাৱে মুকলি কৰিবলৈও আহ্বান জনাইছে ।
প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰীসকলৰ ২+২ মন্ত্ৰী পৰ্যায়ৰ আলোচনাৰ পিছত প্ৰকাশ পোৱা ভাৰত-অষ্ট্ৰেলিয়াৰ যুটীয়া বিবৃতিটোত অঞ্চলটোত 'মানৱীয় যুদ্ধবিৰতি'ৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে । "মন্ত্ৰীসকলে গাজাত পেলেষ্টাইনী নাগৰিকসকলৰ জৰুৰী প্ৰয়োজনীয়তা পূৰণৰ বাবে মানৱীয় সহায়ৰ ক্ষেত্ৰত অঞ্চলটোৰ অংশীদাৰসকলৰ সৈতে সমন্বয় অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । তেওঁলোকে মানৱীয় যুদ্ধবিৰতিৰ প্ৰতি সমৰ্থন ব্যক্ত কৰে আৰু অঞ্চলটোৰ মুখ্য অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠ কূটনৈতিক সমন্বয় অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয় । যাতে সংঘৰ্ষ বিয়পি পৰাটো প্ৰতিহত হয়, মধ্যপ্ৰাচ্যত সুস্থিৰতা বৰ্তী থাকে আৰু এক ৰাজনৈতিক সমাধান আৰু দীৰ্ঘম্যাদী শান্তিৰ দিশত কাম কৰা হয় ।" যুটীয়া বিবৃতিটোত কোৱা হৈছে ।