নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : কূটনৈতিক সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান আল চাউদে সোমবাৰে নতুন দিল্লীত দেশ দুখনৰ বহুমুখী অংশীদাৰিত্ব শক্তিশালী কৰিবলৈ বৈঠকত মিলিত হ'ব । জি-২০ সন্মিলনেৰে আৰম্ভ হোৱা চৌদি যুৱৰাজৰ তিনিদিনীয়া ভ্ৰমণে বাণিজ্য, অৰ্থনীতি, প্ৰতিৰক্ষা আৰু সাংস্কৃতিক সহযোগিতাক আলোচনাৰ কেন্দ্ৰীয় বিষয় হিচাপে অংকিত কৰিছে ।
দিল্লীৰ হায়দৰাবাদ হাউছত অনুষ্ঠিত হ'বলগীয়া এই হাই প্ৰফাইল বৈঠকত কৌশলগত অংশীদাৰী পৰিষদৰ প্ৰথম নেতাসকলৰ বৈঠকৰ সহ-সভাপতিত্ব কৰিব । ২০১৯ চনত ৰিয়াধত ভাৰত আৰু চৌদি আৰবে কৰা এক যুগান্তকাৰী দ্বিপাক্ষিক চুক্তিৰ পিছত এই বৈছক অনুষ্ঠিত হ'ব । বৈঠকত কৌশলগত অংশীদাৰী পৰিষদৰ অধীনত দুয়োখন মন্ত্ৰী সমিতিয়ে কৰা অগ্ৰগতিৰ মূল্যাংকন কৰিব বুলি আশা কৰা হৈছে । সেয়া হৈছে ৰাজনৈতিক, সুৰক্ষা, সামাজিক আৰু সাংস্কৃতিক সহযোগিতা সমিতি আৰু অৰ্থনীতি আৰু বিনিয়োগ সহযোগিতা সমিতি ।
ইয়াৰ উপৰি নেতাসকলে তেওঁলোকৰ দ্বিপাক্ষিক সম্পৰ্কৰ দিশসমূহৰ বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে । ইয়াৰ ভিতৰত আছে ৰাজনৈতিক মিত্ৰতা, নিৰাপত্তা ব্যৱস্থা, প্ৰতিৰক্ষা সহযোগিতা, বাণিজ্যিক সম্পৰ্ক, অৰ্থনৈতিক অংশীদাৰিত্ব, সাংস্কৃতিক আদান-প্ৰদান আৰু জনসাধাৰণৰ মাজত অপৰিহাৰ্য সম্পৰ্ক । চৰকাৰী বিজ্ঞপ্তি অনুসৰি, আলোচনাবোৰ পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বজনীন বিষয়সমূহলৈও সম্প্ৰসাৰিত হৈছে ।