নিউজ ডেস্ক, 19 ডিচেম্বৰ :‘24ৰ নিৰ্বাচনত বিজেপিক নাগপাশত বন্দী কৰিবলৈ সাজু হৈছে I.N.D.I.A ৷ সেয়ে বহু চৰ্চিত I.N.D.I মিত্ৰজোঁটৰ এখন গুৰুত্বপূৰ্ণ বৈঠক মঙলবাৰে অনুষ্ঠিত হ’ব ৷ কংগ্ৰেছ দলৰ আমন্ত্ৰণত নতুন দিল্লীৰ অশোকা হোটেলত আজি অনুষ্ঠিত হ’বলগীয়া বৈঠকখনতে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী, আসন ভাগ-বাটোৱাৰা, যুটীয়া ৰাজহুৱা সভা আৰু ৰাইজৰ মাজলৈ কি কি বিষয় লৈ যোৱা হ’ব সেই বিষয়ে আলোচনা কৰাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে, 6 ডিচেম্বৰতে অনুষ্ঠিত হ’বলগীয়া আছিল বৈঠকখন ৷ কিন্তু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ব্যস্ততাৰ বাবে 6 ডিচেম্বৰৰ সলনি 19 ডিচেম্বৰলৈ বৈঠকখন পিছুৱাই দিয়া হৈছিল ৷
বৈঠকত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে I.N.D.I.A ৰ প্ৰায়বোৰ দলৰ নেতা উপস্থিত হৈছে গৈ নতুন দিল্লীত ৷ কিন্তু কোন কোন নেতা বৈঠকত উপস্থিত থাকিব সেয়াই স্পষ্ট হোৱা নাই ৷ আনহাতে, আজিৰ বৈঠকৰ পূৰ্বে মমতাই সোমবাৰে উল্লেখ কৰিছিল যে, লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাচতহে কোন প্ৰধানমন্ত্ৰী হ’ব সেয়া নিশ্চত কৰা হ’ব ৷ ইতিমধ্যে সমগ্ৰ দেশতে মিত্ৰজোঁটৰ অংশীদাৰসকলৰ বাবে প্ৰচাৰ চলাবলৈ সাজু বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল মমতাই ৷