অসম

assam

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 4:49 PM IST

ETV Bharat / bharat

I.N.D.I.A Alliance: বিৰোধী মিত্ৰজোঁটে সনাতন ধৰ্মক অপমান কৰাৰ অভিযোগ অমিত শ্বাহৰ

নিৰ্বাচনমুখী ৰাজস্থানত বিজেপিয়ে 'পৰিৱৰ্তন সংকলন যাত্ৰা'ৰ আয়োজন কৰিছে । এই কাৰ্যসূচীৰ উদ্বোধন কৰি বিৰোধী মিত্ৰজোঁট 'INDIA'ক তীব্ৰ সমালোচনা অমিত শ্বাহৰ । মুখ্যমন্ত্ৰী অশোক গেহলটকো সমালোচনা শ্বাহৰ ।

INDIA alliance insulting Sanatana Dharma
বিৰোধী মিত্ৰজোঁটে সনাতন ধৰ্মক অপমান কৰাৰ অভিযোগ অমিত শ্বাহৰ

নেশ্যনেল ডেস্ক,৩ ছেপ্টেম্বৰ :ডিএমকেৰ নেতা তথা তামিলনাডুৰ মন্ত্ৰী উধায়ানিধি ষ্টেলিনে সনাতন ধৰ্ম সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যক লৈ দেশ জ্বলিছে । ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিজেপি নেতাসকলেও তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ উধায়ানিধি ষ্টেলিনক তীব্ৰ সমালোচনা কৰিছে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

বিৰোধী মিত্ৰজোঁটৰ অংশ ডিএমকেৰ নেতাগৰাকীয়ে বিতৰ্কিত মন্তব্য কৰাৰ বাবে বিৰোধী মিত্ৰজোঁট 'INDIA'ক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে অমিত শ্বাহে । অমিত শ্বাহে কয় যে তেওঁলোকে 'সনাতন ধৰ্ম'ক অপমান কৰিছে । ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টীৰ 'পৰিৱৰ্তন সংকলন যাত্ৰা' উদ্বোধন কৰাৰ পাছত ভাষণ প্ৰদান কৰি অমিত শ্বাহে মুখ্যমন্ত্ৰী অশোক গেহলটকো লক্ষ্য কৰি লয় ।

অমিত শ্বাহৰ মতে যোৱা দুদিন ধৰি 'INDIA' মিত্ৰজোঁটে 'সনাতন ধৰ্ম'ক অপমান কৰি আহিছে । ডিএমকে আৰু কংগ্ৰেছৰ নেতাসকলে কেৱল ভোট বেংকৰ ৰাজনীতিৰ বাবে 'সনাতন ধৰ্ম'ক শেষ কৰাৰ কথা কৈ আছে । এয়া প্ৰথমবাৰৰ বাবে নহয়, পূৰ্বেও তেওঁলোকে 'সনাতন ধৰ্ম'ক অপমান কৰিছিল বুলি বিৰোধীক সমালোচনা কৰে অমিত শ্বাহে । তেওঁৰ মতে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙেও সংখ্যালঘুসকলক লক্ষ্য কৰি লৈছিল ।

অমিত শ্বাহে কয় যে তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰকে ধৰি ডিএমকে নেতাসকলে কৈছে যে 'সনাতন ধৰ্ম' নিৰ্মূল কৰা উচিত । শ্বাহৰ মতে এই লোকসকলে ভোটবেংকৰ বাবে 'সনাতন ধৰ্ম'ৰ কথা কৈছে ।

ইফালে হিন্দু সংগঠনসমূহক সন্ত্ৰাসবাদী সংগঠন 'লস্কৰ-ই-তৈবাৰ' সৈতে তুলনা কৰাৰ বাবে কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীকো আক্ৰমণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে । তেওঁৰ মতে আজি কংগ্ৰেছ দলে কৈছে যে যদি নৰেন্দ্ৰ মোদী জয়ী হয়, সনাতনে শাসন কৰিব । কিন্তু ৰাহুল গান্ধীয়ে কৈছিল যে হিন্দু সংগঠনবোৰ লস্কৰ-ই-তৈবাতকৈ অধিক বিপজ্জনক ।

ৰাজস্থানৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি অমিত শ্বাহে কয় যে অশোক গেহলটে 'ৰঙা ডায়েৰী' দেখিছে আনকি কোনোবাই ৰঙা কাপোৰ পিন্ধিলেও তাত 'খনি, কালিসিন্ধু, শিক্ষকৰ কেলেংকাৰী'ৰ বিৱৰণ থাকে ।

গৃহমন্ত্ৰীয়ে কয় যে আজি ৰাজস্থানত পৰিৱৰ্তন যাত্ৰাৰ দ্বিতীয় 'যাত্ৰা'ৰ আয়োজন কৰা হৈছে । বিজেপিৰ এই যাত্ৰা প্ৰায় ২,৫০০ কিলোমিটাৰ লৈ ১৯ দিন ধৰি অব্যাহত থাকিব আৰু ৫২ টা বিধানসভা সমষ্টিক সংযোগ কৰিব । এই 'পৰিৱৰ্তন যাত্ৰা' সমাপ্ত হ'লে অশোক গেহলট চৰকাৰ অপসাৰণ হ'ব বুলিও অমিত শ্বাহে দাবী কৰে ।

লগতে পঢ়ক:DMK leader on Santana Dharma : সনাতন ধৰ্মক লৈ ডিএমকে নেতাৰ বিস্ফোৰক মন্তব্য, বিষয়টোক লৈ দূৰত্ব বজাই ৰাখিছে কংগ্ৰেছে

ABOUT THE AUTHOR

...view details