অসম

assam

ETV Bharat / bharat

PM Modi in South Africa: ‘‘মই অভিভূত’’ জোহান্সবাৰ্গৰ পৰা প্ৰধানমন্ত্ৰীয়ে বুটলিলে প্ৰেৰণা

জোহান্সবাৰ্গত প্ৰবাসী ভাৰতীয়ৰ উৎসাহ দেখি মই অভিভূত ৷ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ সাফল্যৰ বাবে দক্ষিণ আফ্ৰিকাত থকা ভাৰতীৰ উৎসাহক প্ৰেৰণাদায়ক আখ্যা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

PM Modi
মই অভিভূত জোহান্সবাৰ্গৰ পৰা প্ৰধানমন্ত্ৰীয়ে বুটলিলে প্ৰেৰণা

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 10:47 AM IST

নিউজ ডেস্ক, 24 আগষ্ট : বুধবাৰে চন্দ্ৰপৃষ্ঠত লেণ্ডাৰ বিক্ৰমৰ সফল অৱতৰণ বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিলে ৷ ইয়াৰ লগে লগে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰৱে ইতিহাস গঢ়ি বিশ্বক দেখুৱালে ভাৰতৰ বিজ্ঞানীৰ চমকপ্ৰদ সাফল্যৰ ৰেহৰূপ ৷ জোনবাই দেশত চন্দ্ৰযান-3 অৱতৰণৰ সময়ত যদিও প্ৰধানমন্ত্ৰী মোদী ভাৰতত নাছিল তথাপিও ভিডিঅ’ কনফাৰেঞ্চৰ দ্বাৰা দক্ষিণ আফ্ৰিকাৰ পৰা সেই বিৰল মুহূৰ্তৰ অংশীদাৰ হৈছিল ৷ আনহাতে ব্ৰিকছ সন্মিলনৰ বাবে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰত প্ৰধানমন্ত্ৰীয়ে জোহান্সবাৰ্গত প্ৰবাসী ভাৰতীয় সকলক সম্বোধন কৰে ৷

জোহান্সবাৰ্গত অনুষ্ঠিত হোৱা প্ৰবাসী ভাৰতীয় সকলৰ বিশেষ সভাত প্ৰধানমন্ত্ৰী মোদীয়ে চন্দ্ৰযান-3 সফলতাৰ কথা উল্লেখ কৰি কয় যে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ সাফল্যৰ বাবে দক্ষিণ আফ্ৰিকাত থকা আমাৰ প্ৰবাসী সকলৰ উৎসাহ সঁচাকৈয়ে প্ৰেৰণাদায়ক ৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ’’চন্দ্ৰযান-৩ৰ সফলতাৰ বাবে জোহান্সবাৰ্গতো প্ৰবাসী ভাৰতীয়সকলৰ উৎসাহ দেখিবলৈ পাইছো ৷’’ Xত প্ৰবাসী ভাৰতীয় সকলৰ সৈতে তোলা এখন ফটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদী কয়, ’’মই জোহান্সবাৰ্গৰ ৰাজপথত যি দৃশ্য দেখিছো সেয়া সঁচাই আমাৰ বাবে উৎসাহজনক ৷’’

আনহাতে বুধবাৰে জোনবাই দেশত ভাৰতৰ চন্দ্ৰযান-3 সফল অৱতৰণৰ পাচতে ইছৰ’ৰ বিজ্ঞানী আৰু প্ৰধানমন্ত্ৰীক অভিন্দন জনাই বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাই ৷ অভিন্দনন গ্ৰহণ কৰি প্ৰদানমন্ত্ৰী মোদীয়ে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতৰ সফলতাক সমগ্ৰ মানৱ জাতিৰ সফলতা আখ্যা দিয়ে ৷ তদুপৰিও গৱেষণাৰ ক্ষেত্ৰত আদান-প্ৰদান কৰি যাব, যাতে মানৱ সমাজৰ উন্নতি আৰু মংগল হয় ৷ আনহাতে চন্দ্ৰৰ বুকুত বিক্ৰম অৱতৰণৰ 2 ঘন্টাৰ পাচতে ইছৰ’ৰ নিয়ন্ত্ৰণ কক্ষলৈ চন্দ্ৰপৃষ্ঠৰ প্ৰথমখন আলোকচিত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক:Chandrayaan 3 successful landing: মানৱ জাতিৰ বাবে কাম কৰিব ভাৰতে, মোদীৰ প্ৰতিশ্ৰুতি

ABOUT THE AUTHOR

...view details