অসম

assam

ETV Bharat / bharat

Russian invasion of Ukraine: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে লোৱা প্ৰস্তাৱত মতদান নকৰিলে ভাৰতে - ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ

ৰাছিয়াই ইউক্ৰেইনক কৰা আক্ৰমণক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে গৰিহণা দিবলৈ লোৱা প্ৰস্তাৱত মত দিয়াৰ পৰা বিৰত আছে ভাৰত (India abstains on resolution condemning Russian invasion) । বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কৰা যোগাযোগ পিছতে লক্ষ্যণীয়ভাৱে ভাৰত এইদৰে প্ৰস্তাৱটোত মত দিয়াৰ পৰা বিৰত থাকে ।

india-abstains-on-resolution-condemning-russian-invasion-of-ukraine
Russian invasion of Ukraine: ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে লোৱা প্ৰস্তাৱত মতদান নকৰিলে ভাৰতে

By

Published : Feb 26, 2022, 9:00 AM IST

ইন্টাৰনেচনেল ডেস্ক, 26 ফেব্ৰুৱাৰী : ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই কৰা আক্ৰমণক (Russian invasion of Ukraine) গৰিহণা দিয়া সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে লোৱা প্ৰস্তাৱত চীন আৰু ইউনাইটেড আৰৱ এমিৰেটছৰ সৈতে ভাৰতে নিজৰ মত দিয়াৰ পৰা বিৰত আছে (India abstains on resolution condemning Russian invasion) । প্ৰায় ৬০ খন দেশৰ সমৰ্থনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আলবেনিয়াৰ দ্বাৰা প্ৰস্তাৱিত প্ৰস্তাৱটোৱে ১১ টা ভোট লাভ কৰে, যাৰ ফলত ১৫ জনীয়া পৰিষদত সংখ্যাগৰিষ্ঠতা লাভ কৰে ৷ কিন্তু শুকুৰবাৰে সন্ধিয়া ৰাছিয়াই ভেটোৰ দ্বাৰা ইয়াক বাতিল কৰিবলৈ সক্ষম হয় ।

প্ৰস্তাৱটোৱে এইটো প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল যে ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে আক্ৰমণাত্মক কাৰ্য কলাপ কৰিছে আৰু এই কাৰ্য আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তাৰ স্পষ্ট উলংঘন । এই প্ৰস্তাৱে লগতে দাবী কৰিলেহেঁতেন যে ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে বল প্ৰয়োগ তৎক্ষণাৎ বন্ধ কৰিব লাগিব আৰু ইউক্ৰেইনৰ আন্তৰ্জাতিক ভাৱে স্বীকৃত সীমাৰ ভিতৰৰ পৰা ৰাছিয়াই নিজৰ সামৰিক বাহিনীক সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিব ।

মতদানৰ পৰা বিৰত থকাৰ কাৰণ সন্দৰ্ভত ব্যাখ্যা কৰি ভাৰতৰ স্থায়ী প্ৰতিনিধি টি এছ তিৰুমূৰ্তিয়ে কয়, " এই মুহূৰ্তত যিমানেই কঠিন যেন লাগিলেও, মতভেদ আৰু বিবাদনিষ্পত্তিৰ বাবে আলোচনাই হৈছে একমাত্ৰ পথ ।" ৰাছিয়াৰ নাম নোলোৱাকৈ তিৰুমূৰ্তিয়ে পুনৰ কয়, "ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিৰ বাবে ভাৰত গভীৰভাৱে চিন্তিত হৈছে (India on Ukraine ) ।" কিন্তু এক নিৰপেক্ষ স্থিতি গ্ৰহণ কৰি তেওঁ লগতে কয়, " আমি অনুৰোধ জনাইছো যে হিংসা আৰু শত্ৰুতা তাৎক্ষণিকভাৱে বন্ধ কৰাৰ বাবে সকলো প্ৰচেষ্টা অৱলম্বন কৰা হওঁক।"

লক্ষ্যণীয়ভাৱে বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কৰা যোগাযোগ পিছতে ভাৰত এইদৰে প্ৰস্তাৱটোত মত দিয়াৰ পৰা বিৰত থাকে । কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ. জয়শংকৰক এই প্ৰস্তাৱৰ বাবে ভোটদান কৰাৰ বাবে আহ্বান জনাইছিল । মনকৰিব লগীয়া যে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়াৰ পথত ভাৰতৰ এই স্থিতি হৈ পৰিব এক বৃহৎ বাধা।

লগতে পঢ়ক :Modi spoke to Putin: মোদীয়ে হিংসা বন্ধ কৰিবলৈ আহ্বান জনালে পুটিনক

ABOUT THE AUTHOR

...view details