ৰামপুৰ, 20 ফেব্ৰুৱাৰী: ২০০৮ চনত নিজৰ পৰিয়ালৰে ৭ জন সদস্যক হত্যা কৰাৰ অপৰাধত অভিযুক্ত উত্তৰ প্ৰদেশৰ শ্বৱনমৰ ক্ষমা আৱেদন ৰাষ্ট্ৰপতিয়ে প্ৰত্যাখ্যান কৰাৰ পাচতেই শ্বৱনম ফাঁচী কাঠত ওলমিব লগীয়া স্বাধীন ভাৰতৰ প্ৰথম গৰাকী মহিলা ৰূপে পৰিগণিত হৈছে ৷ শ্বৱনম হৈছে আমৰোহাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডত দোষী সাব্যস্ত হোৱা অভিযুক্ত দুগৰাকীৰ এজন ৷ তেওঁক মথুৰা কাৰাগাৰৰ ফাঁচী শালত ফাঁচী দিয়া হ’ব ৷ উল্লেখ্য যে, শ্বৱনমক বৰ্তমান ৰামপুৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছে ৷
কেছ ডায়েৰী:
শ্বৱনমৰ প্ৰেম হৈছিল চেলিম নামৰ লোক এজন সৈতে৷ ঘটনাক্ৰমে দুয়োৰে মাজৰ সম্পৰ্ক আগবাঢ়ে আৰু দুয়ো বিবাহ পাশত আৱদ্ধ হ’ব বিচাৰে ৷ কিন্তু পৰিয়ালৰ সদস্য সকলে শ্বৱনমৰ এই প্ৰেমক স্বীকৃতি দিবলৈ অমান্তি হয় আৰু পৰিয়ালৰ লোকসকলে কৰা এই বিৰোধীতাৰ বাবেই তেওঁলোকক হত্যা কৰা হয় ৷ বিভিন্ন প্ৰতিবেদন সমূহৰ মতে শ্বৱনমৰ পৰিয়ালৰ সদস্য সকলক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল স্বয়ং স্বৱনম আৰু চেলিমে ৷ উল্লেখ্য যে, ২০০৮ চনৰ ১৪ এপ্ৰিলৰ দিনা ১০ মহীয়া ভতীজা আৰু নিজৰ পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ মুঠ সাতজন সদস্যক শ্বৱনম আৰু চেলিম দুয়ো লগ লাগি নৃশংশভাৱে হত্যা কৰে ৷
বাতৰিত প্ৰকাশ পোৱা অনুসৰি দুয়োজনে প্ৰথমে সমগ্ৰ পৰিয়ালটোক নিচাযুক্ত ঔষধ মিহলি আহাৰ পৰিৱেশন কৰে ৷ সমগ্ৰ ঘটনাৱলী পোহৰলৈ অহাৰ পাচতেই জিলা আৰক্ষীয়ে শ্বৱনম আৰু চেলিম দুয়োজনকে কৰায়ক্ত কৰে ৷ এই গোচৰটোত আদালতত ২৭ মাহতকৈ অধিক সময় প্ৰায় এশ দিন জেৰা চলোৱা হৈছিল ৷ শুনানিৰ দিনা আদালতে প্ৰায় ২৯ জন সাক্ষীৰ বক্তব্য শুনিছিল ৷ ৬৪৯ টা প্ৰশ্ন আৰু ১৬০ পৃষ্ঠাজোৰা ৰায়দান সাক্ষী সকলক এই গোচৰটো সম্পৰ্কীয় ৬৪৯ টা প্ৰশ্নৰ উত্তৰ দিবলৈ আদেশ দিয়াৰ পাচত আদালতে ১৬০ পৃষ্ঠাজোৰা নিৰ্দেশ প্ৰদান কৰে ৷ পৰৱৰ্ত্তী পৰ্যায়ত চেলিমে হত্যাকাণ্ডটোত নিজৰ ভূমিকা থকাৰ কথা স্বীকাৰ কৰে আৰু হত্যাকাণ্ডটোত ব্যৱহাৰ কৰা অস্ত্ৰপাতৰ বিষয়ে আৰক্ষীক অৱগত কৰে ৷
জিলা আৰু সত্ৰ আদালতে দুয়োকে ২০১০ চনৰ ১৪ জুলাইতেই মৃত্যুদণ্ডৰে দণ্ডিত কৰে ৷ ২০১০ দুয়ো অভিযুক্তই সত্ৰ আদালতৰ এই ৰায়ক এলাহবাদৰ উচ্চ আদালতত প্ৰত্যাহ্বান জনায় ৷ কিন্তু উচ্চ আদালতখনে সত্ৰ আদালতৰ ৰায়কে বাহাল ৰাখে ৷ পৰৱৰ্ত্তী পৰ্যায়ত ২০১৫ চনত তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে ৷ কিন্তু শীৰ্ষ আদালতখনেও মৃত্যুদণ্ডকে বাহাল ৰাখে ৷ ইয়াৰ পাচতেই সকলো আইনী সুৰুঙা বন্ধ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত শ্বৱনমে তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীলৈ ক্ষমা আৱেদন প্ৰেৰণ কৰে ৷ কিন্তু ৰাষ্ট্ৰপতিয়ে শ্বৱনমৰ এই আৱেদন প্ৰত্যাখান কৰে ৷
দুয়োগৰাকী অভিযুক্তই উচ্চতম ন্যায়ালয়তো এক পুনৰবিবেচনা আৱেদন দাখিল কৰে ৷
মথুৰা কাৰাগাৰ :
দেশৰ ভিতৰত মথুৰা কাৰাগাৰেই হ’ল একমাত্ৰ কাৰাগাৰ য’ত মহিলা অপৰাধীক ফাঁচী দিয়াৰ ব্যৱস্থা আছে ৷ শ্বৱনমক মথুৰা কাৰাগাৰলৈ অনা হয় ২০১৯ চনত ৷ জানিব পৰা মতে কাৰাগাৰৰ আন কয়দী সকলৰ সৈতে তেওঁ মধুৰ সম্পৰ্ক ৰক্ষা কৰি চলিছিল ৷ ই টিভি ভাৰতৰে সৈতে হোৱা এক কথোপোকথনত মথুৰা কাৰাগাৰৰ কাৰাগাৰ অধীক্ষক ৰাকেশ কুমাৰ বৰ্মাই জনাই যে মথুৰা কাৰাগাৰ কৰ্তৃপক্ষই ইতিমধ্যে ফাঁচীত ব্যৱহাৰ হ’ব লগীয়া ৰচীডালৰ যোগাৰ কৰিছে ৷ বৰ্মাই লগতে যোগ দি কয় যে তেওঁৱেই হ’ব প্ৰথমগৰাকী মহিলা যি ভাৰতৰ স্বাধীনতাৰ পাচত ফাঁচীকাঠত উঠিব ৷