অসম

assam

ETV Bharat / bharat

শাসনাধিষ্ঠৰ ‘কা’ক অগ্ৰাহ্যকৰণ, লংকাৰ তামিলৰ বিষয়টোৱে ঘোষণা পত্ৰক অধিক উচ্চকাংক্ষী কৰি তুলিছে

এলানি সমস্যাৰ মাজত শাসনাধিষ্ঠ দল এআইএডিএমকে-ৰ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতি থকা তেওঁলোকৰ পূৰ্বৰ স্থিতি ঘূৰাই লোৱাৰ সিদ্ধান্ত আৰু তামিল ইলমৰ বাহিৰে পৃথক স্থাপনৰ দাবীয়ে দলটোৱে যে তেওঁলোকৰ বুনিয়াদী নীতিসমূহৰ প্ৰতি ইচ্ছাকৃতভাৱে পিঠি দিছে তাকে সূচাইছে ৷

By

Published : Mar 16, 2021, 3:27 PM IST

lankan-tamils
লংকাৰ তামিল

বুনিয়াদী কথাবোৰলৈ আহো ৷ এলানি সমস্যাৰ মাজত শাসনাধিষ্ঠ দল এআইএডিএমকে-ৰ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতি থকা তেওঁলোকৰ পূৰ্বৰ স্থিতি ঘূৰাই লোৱাৰ সিদ্ধান্ত আৰু তামিল ইলমৰ বাহিৰে পৃথক স্থাপনৰ দাবীয়ে দলটোৱে যে তেওঁলোকৰ বুনিয়াদী নীতিসমূহৰ প্ৰতি ইচ্ছাকৃতভাৱে পিঠি দিছে তাকে সূচাইছে ৷ দুয়োটা কট্টৰ বিৰোধী দলৰেই আৰম্ভণিৰ বক্তব্যত উল্লেখ কৰা হৈছে যে, কেনেকৈ তেওঁলোকৰ পিতৃ আন্দোলনৰ জন্ম হৈছিল তথা পেৰিয়াৰ আৰু আন্নাৰ আদৰ্শৰে ই লালিত পালিত হৈছিল ৷ তদুপৰি তামিল জাতীয়তাবাদৰ তাঁৰ এডালক ই জোকাৰি গৈছিল ৷

কিছুদিন পূৰ্বে, মুখ্যমন্ত্ৰী তথা এআইএডিএমকেৰ যুটীয়া সমন্বয়ৰক্ষী- ইড়াপ্পাড়ি কে পালানিস্বামীক এক সংবাদ মাধ্যমৰ সভাত সজোৰে কোৱা শুনা গৈছিল যে, বিজেপিৰে তেওঁলোকৰ মিত্ৰতা নিৰ্বাচনলৈকেহে সীমিত ৷ ই কেতিয়াও আদৰ্শগত নহ’বগৈ ৷ সংশোধনী প্ৰস্তুত কৰা তথা ইয়াক স্বীকাৰ কৰাৰ চৰ্তত পৰিলক্ষিত হৈছে যে, সংসদত আইনৰ পক্ষত ভোট দিয়া এআইএডিএমকেয়ে কৈছে যে, ই কেন্দ্ৰক ‘কা’ প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিব ৷ কেন্দ্ৰক ‘কা’ প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ প্ৰতিশ্ৰুতিয়ে বিজেপিক নিশ্চিতৰূপত অস্বস্তিত পেলাব ৷ আনহাতে, ডিএমকেয়ে সংশোধিত দেশসমূহৰ তালিকা সংগ্ৰহ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যাতে শ্ৰীলংকাৰ পৰা অহা তামিলসকল আশ্ৰয় শিবিৰত বাস কৰিব পাৰে ৷

লংকাৰ তামিলসকল

এআইএডিএমকেয়ে ৰাজীৱ গান্ধী হত্যাকাণ্ডত অভিযুক্তসকলক মুক্তি দিয়াৰ কাৰণ, পৃথক তামিল ইলমৰ গঠন আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধী আদালত নাইবা নিৰপেক্ষ স্বাধীন আন্তঃৰাষ্ট্ৰীয় তন্ত্ৰৰ জৰিয়তে দ্বীপ ৰাষ্ট্ৰখনত তামিলসকলৰ ওপৰত সংঘটিত হোৱা নৰসংহাৰৰ ন্যায় বিচাৰি বাড়ম্বাৰ দোহাৰিছে ৷ ইফালে ডিএমকেয়ে নিজৰ পক্ষৰ পৰা তামিল অঞ্চলত প্ৰাদেশিক চৰকাৰক পূৰ্ণ ক্ষমতা দিবৰ বাবে প্ৰচেষ্টা কৰাৰ প্ৰস্তাৱ দিছে ৷ ভাৰতীয় নাগৰিকত্ব আৰু যিসকলে ভাৰতত থাকিব বিচাৰে তেওঁলোকৰ স্থায়ী বাসিন্দাৰ মৰ্যদাৰ সম্পৰ্কত উভয় দলেই একেই স্থিতি পোষণ কৰে ৷

ভাৰতৰ মাৰ্ক্সবাদীসকলৰ এক অংশই লংকাৰ তামিলসকলৰ বিষয়টো নিৰ্বাচনী বিষয় হিচাপে খাৰিজ কৰিছিল যদিও দুয়োটা প্ৰধান দ্ৰাৱিড়ীয় দলৰেই ৰাজনৈতিক কেন্দ্ৰবিন্দুত এই সমস্যাটোৱে মূল বিষয় হিচাপে স্থান পাই আহিছে ৷ তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰ যেনেদৰে প্ৰকাশ পাইছে, সেই সন্দৰ্ভত বুজিব পৰা গৈছে যে এইবাৰৰ নিৰ্বাচনো কোনো পৃথক নহ’ব ৷

তামিল জাতীয়তাবাদ

দুয়োটা দলেই তামিল ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিব বিচাৰে ৷ লগতে ডিএমকেয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে, তেওঁলোকে তামিলনাডুৰ চৰকাৰী চাকৰিসমূহত এশ শতাংশ আৰু বেচৰকাৰী খণ্ডত 75 শতাংশ চাকৰি তামিলসকলৰ বাবে সুনিশ্চিত কৰিবৰ বাবে এখন আইন প্ৰণয়ন কৰিব ৷ উল্লেখ্য যে, ৰাজ্যখনত দীৰ্ঘদিনৰ পৰা চলি থকা তামিল জাতীয়তাবাদী অন্দোলনৰ জৰিয়তে এই দাবী কৰি অহা হৈছে ৷ মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ নাম সলনি কৰি তামিলনাডু উচ্চ ন্যায়ালয় কৰা আৰু চেন্নাইত উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠ স্থাপন কৰাৰ লগতে তামিল ভাষাক উচ্চ ন্যায়লয়ত বাণিজ্যিক ভাষা হিচাপে গ্ৰহণ কৰা আদিয়ে এআইএডিএমকেৰ ঘোষণা পত্ৰত ঠাই পাইছে ৷ ইউপিএছচিৰ পৰীক্ষাসমূহ কেন্দ্ৰৰ দ্বাৰা পৰিচালিত হোৱাৰ পৰিৱৰ্তে ৰাজ্যিক স্তৰত এই পৰীক্ষাসমূহ পৰিচালনা কৰাৰ বাবে এআইএডিএমকেয়ে জোৰ দিব বুলি উল্লেখ কৰিছে ৷ লগতে তেওঁলোকে ধৰ্ম পৰিৱৰ্তন কৰা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসকলক সংৰক্ষণৰ লাভালাভ সমূহ প্ৰদান কৰাৰ প্ৰয়াস কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰিছ ৷

পৰৱৰ্তী চৰকাৰখনৰ বাবে কৰ্মসূচী নিৰ্ধাৰণ

আওকাণ কৰিব বিচৰাসকলৰ বাদে দুয়োখন ঘোষণা পত্ৰতে ব্যাপকভাৱে ঠাই পোৱা তামিল জাতীয়তাবাদৰ বিষয়টোক আন কাৰোৰে বাবে এৰাই চলিব পৰা সহজ নহ’ব ৷ কংগ্ৰেছৰ পথেৰে আগুৱাই যাবলৈ দুয়োটা প্ৰমূখ দ্ৰাৱিড়ীয় দলেই অৰ্ধ শতিকা ধৰি ক্ষমতাসীন হৈ আছিল ৷ তেওঁলোকে নিজকে জাষ্টিছ দল আৰু দ্ৰাৱিড়ৰ কাজাগমৰ মূলৰ পৰা অহা বুলি পৰিচয় দিয়ে তথা তেওঁলোকে মহান নেতা সকলৰ উত্তৰসুৰী বুলি কয় ৷

তাত্বিকভাৱে আৰু আদৰ্শগতভাৱে তেওঁলোকৰ দলিল অনুসৰি, সংখ্যালঘুসকল আৰু সামাজিক ন্যায়ৰ নীতি সম্বন্ধিত বিষয়বোৰ এক আৰু এই ক্ষেত্ৰত দুয়োটা দলৰে স্থিতি একেই ৷ কাৰণ ই হৈছে এক ঐতিহাসিক বাধ্যবাধকতা ৷ তামিলনাডুত যিটো দলেই জয়ী নহওক কিয়, ওপৰত আলোচিত বিষয়বোৰক বাস্তৱায়িত কৰাৰ বাবে মূল বিষয় হিচাপে গ্ৰহণ কৰিব লাগিব ৷ তাকে কৰাত ব্যৰ্থ হ’লে সকলো সম্ভাৱনীয়তা তেওঁলোকৰ নিৰ্বাচনী প্ৰদৰ্শনত প্ৰতিফলিত হোৱাৰ আশা আছে ৷

আৰ প্ৰিঞ্চ জেবাকুমাৰ

ABOUT THE AUTHOR

...view details