নেশ্যনেল ডেস্ক,১১ মাৰ্চ :পাঞ্জাৱৰ বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিৰ হাতত শোচনীয়ভাৱে পৰাজিত হ'ল কংগ্ৰেছ (Congress loses Punjab assembly elections to AAP)। শাসনত থকা কংগ্ৰেছৰ এনে দুৰৱস্থা দেখি এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে দলটোৰ ভিতৰ চ'ৰাতো আৰম্ভ হৈছে বিবাদ (Internal fight begins within Punjab Congress)। পূৰ্বৰে পৰা দলটোৰ নেতাসকলৰ মাজত মতানৈক্য চলি আছিল যদিও শোচনীয় পৰাজয়ৰ পাছত এই মতানৈক্য পুনৰ আৰম্ভ হৈছে ।
পৰাজয়ৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধুৱে মন্তব্য কৰিছিল যে যিসকলে তেওঁক গাঁতত পেলাব বিচাৰিছিল তেওঁলোকে আৰু ১০ গুণ গভীৰতাৰ গাঁতত পৰিছে । অন্যায় কৰা সকলে ফল পাবই আৰু ৰাইজৰ আদালতত সেইসকলে শিক্ষা পোৱা বুলি দাবী কৰে সিদ্ধুৱে । ইফালে যি হৈছে সকলো পাহৰিবলৈ আহ্বান জনাইছিল । এয়া এক নতুন দিগন্ত বুলিও তেওঁ মন্তব্য কৰে ।
তেওঁ উল্লেখ কৰা মতে আম আদমি পাৰ্টিৰ ওপৰত মানুহৰ আশা আৰু আকাংক্ষা আছে, যাৰ বাবে ৰাইজে তেওঁলোকক ভোট দিছে । বিজয়ী দলটোক অভিনন্দন জনায় সিদ্ধুৱে (Sidhu congratulates AAP)।