অসম

assam

By

Published : May 25, 2023, 10:36 PM IST

Updated : May 25, 2023, 10:44 PM IST

ETV Bharat / bharat

Deaths of policemen : বৃদ্ধি হৈছে আৰক্ষীৰ মৃত্যুৰ সংখ্যা; প্ৰত্যেক দুদিনত মৃত্যু হয় এজনকৈ আৰক্ষীৰ

কিমান সুৰক্ষীত আৰক্ষীৰ জীৱন ? জনসাধাৰণক সুৰক্ষা প্ৰদানৰ বাবে অহৰ্নিশে জাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰি আহিছে আৰক্ষীয়ে ৷ কিন্তু আপুনি জানেনে ক্ৰমাৎ বৃদ্ধি হৈছে আৰক্ষীৰ মৃত্যুৰ সংখ্যা, গড়ে দুদিনত মৃত্যু হয় এজনকৈ আৰক্ষীৰ (Increasing number of deaths of policemen)৷ পঢ়ক এই প্ৰতিবেদন....

Increasing number of deaths of policemen in Mumbai Police Force
প্ৰত্যেক দুদিনত মৃত্য হয় এজনকৈ আৰক্ষীৰ

নিউজ ডেস্ক, 25 মে’ : সততে সন্ত্ৰাসবাদীৰ লক্ষ্যস্থান হিচাপে পৰিগণিত হৈ আহিছে মায়ানাগৰী মুম্বাই । কুটাঘাতমূলক ঘটোৱাৰ পৰা মুম্বাইক সুৰক্ষিত কৰি ৰখাটো মুম্বাই আৰক্ষীৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান (Increasing number of deaths of policemen)। মায়ানগৰী হিচাবে খ্যাত মুম্বাইত নিৰাপত্তা অটুত ৰখা, অপৰাধ নিয়ন্ত্ৰণ কৰা, আইন-শৃংখলা বজাই ৰখা, যান-বাহনৰ নিয়ম, সন্ত্ৰাসবাদী বা অন্যান্য সন্দেহজনক কাৰ্যকলাপ নিৰীক্ষণ কৰাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰাৰ সময়ত স্বাস্থ্যৰ চাপ আৰু অৱহেলাৰ বাবে আৰক্ষীয়ে বিভিন্ন ৰোগত ভুগিবলগীয়া হয় (Deaths of policemen in Mumbai Police Force)। তথ্য অনুসৰি যোৱা পাঁচ বছৰত মুম্বাইত ৮২১ গৰাকী আৰক্ষীৰ মৃত্যু হৈছে ৷ ইয়াৰ অৰ্থ হৈছে যে মুম্বাইৰ গড়ে দুদিনত এজনকৈ আৰক্ষীৰ মৃত্যু হয় (Mumbai Police Force)৷

আৰক্ষীৰ মৃত্যুৰ পৰিসংখ্যাঃ

-2018 চন- 129 গৰাকী

-2019 চন - 143 গৰাকী

-2020 চন - 230 গৰাকী

-2021 চন - 160 গৰাকী

-2022 চন - 115 গৰাকী

-2023 চন (জানুৱাৰীৰ পৰা এপ্ৰিললৈ) - 43 গৰাকী

ইফালে অকাল মৃত্যু, সময়মতে নোখোৱা আৰু অনিয়মানুৱৰ্তিতাৰ ফলত ৰক্তচাপ আৰু ডায়েবেটিচ, বিভিন্ন হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ ফলত 168 গৰাকী আৰক্ষীৰ মৃত্যু হৈছে (one policeman dies every two days)। ইয়াৰ মাজতে, কভিডৰ ফলত মুম্বাই আৰক্ষী বাহিনীৰ 123 গৰাকী আৰক্ষীৰ মৃত্যু হৈছে।

আৰক্ষীৰ মৃত্যুৰ মুখ্য কাৰণঃ

-স্বাস্থ্যৰ প্ৰতি অৱহেলা

-নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ অভাৱ

-অনিয়মীয়া খোৱা-বোৱা

-কৰ্তব্যৰ সময়ৰ অনিশ্চয়তা

-শৰীৰ চৰ্চাৰ অভাৱ

-কামৰ চাপ

ৰোগৰ ফলত হোৱা মৃত্যুঃ

-হৃদৰোগ: 168 গৰাকী

-ক’ভিড :123 গৰাকী

-যকৃৎ / বৃক্ক / জণ্ডিচ: 77 গৰাকী

-কৰ্কট: 55 গৰাকী

-উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচ : 46 গৰাকী

-দুৰ্ঘটনা : 45 গৰাকী

-আত্মহত্যা : 31 গৰাকী

-যক্ষ্মা : 22 গৰাকী

-অন্যান্য: ২৫৩ গৰাকী

আৰক্ষীৰ স্বাস্থ্যৰ বিষয়টো সদায় উপেক্ষা কৰা পৰিলক্ষিত হৈ আহিছে ৷ তথ্য জনাৰ অধিকাৰ (আৰটিআই) আইনৰ অধীনত প্ৰাপ্ত তথ্য অনুসৰি, 2018 আৰু 2023 চনৰ ভিতৰত, পাঁচ বছৰ চাৰি মাহৰ সময়ছোৱাত বিভিন্ন ৰোগত মুম্বাই আৰক্ষীৰ 821 গৰাকী আৰক্ষীৰ মৃত্যু হৈছিল।

মুম্বাই এখন ব্যস্ত চহৰ ৷ ৰাজ্যখনৰ ৰাজনৈতিক বিষয়ৰ কেন্দ্ৰস্থল মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত ভিআইপিসকলে সঘনাই আহ-জাহ হয়। মুম্বাইত ৰাজনৈতিক সভা, ৰেলী আৰু বিভিন্ন গুৰুত্বপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। সেয়েহে, আৰক্ষীয়ে সেই অনুষ্ঠানবোৰৰ বাবে প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰাটো বাঞ্চনীয় । গতিকে আৰক্ষীৰ ওপৰত সাধাৰণতে অতিৰিক্ত চাপ থাকে ৷

নেতা আৰু ভিআইপিসকলক তেওঁলোকৰ সভাৰ বাবে ব্যৱস্থা আৰু সুৰক্ষা দিয়াৰ বাবে আৰক্ষী দায়বদ্ধ। মুম্বাইত সকলো ধৰ্মৰ উৎসৱ বিশাল আয়োজনেৰে পালন কৰা হয়। এই সময়ছোৱাত আৰক্ষীৰ ছুটী বাতিল কৰা হয়। আঠ ঘণ্টাৰ কৰ্তব্য কৰাৰ নিৰ্দেশনা প্ৰায়েই কাৰ্যকৰী কৰা দেখা নাযায়। কেতিয়াবা আৰক্ষীয়ে ছুটীও নাপায়।

মাৰ্চ আৰু এপ্ৰিলত অতিপাত গৰমৰ ফলত আৰক্ষী বাহিনীৰ শৰীৰত যথেষ্ট প্ৰভাৱ পেলাইছিল ৷ জানুৱাৰীৰ পৰা এপ্ৰিল মাহৰ সময়ছোৱাত আৰক্ষীৰ মৃত্যুৰ সংখ্যা অধিক। চাৰি মাহৰ সময়ছোৱাত, বিভিন্ন কাৰণত 43 গৰাকী আৰক্ষীৰ মৃত্যু হৈছিল । আশ্চৰ্যজনকভাৱে, ইয়াৰ 7 গৰাকী আৰক্ষী কৰ্তব্যৰত সময়ত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

৩১ জন আৰক্ষীয়ে আত্মহত্যা কৰিছে: পাঁচ বছৰৰ ভিতৰত এতিয়ালৈকে ৩১ গৰাকীয়ে আৰক্ষীয়ে আত্মহত্যা কৰিছে। আৰক্ষীৰ অনুসন্ধানে প্ৰকাশ কৰিছে যে ইয়াৰে কিছু আৰক্ষীৰ আত্মহত্যাৰ আঁৰত ঘৰুৱা কাৰণো জড়িত হৈ আছিল । কিছু আৰক্ষীয়ে অসুস্থতাৰ বাবে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ এই ৰোগসমূহৰ ভিতৰত আছে কৰ্কট ৰোগ আৰু ক’ভিড মহামাৰী । ইয়াৰে কিছুসংখ্যক আৰক্ষীয়ে চিপ লৈ, অট্টালিকাৰ পৰা জঁপিয়াই, বন্দুকেৰে গুলী চালনা কৰি আৰু ৰে’লৰ সন্মুখত জঁপিয়াই আত্মহননৰ পথ বাচি লৈছিল।

লগতে পঢ়ক:Amit Shah to visit Manipur: তিনিদিনীয়া কাৰ্যসূচীৰে হিংসা জৰ্জৰ মণিপুৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Last Updated : May 25, 2023, 10:44 PM IST

ABOUT THE AUTHOR

...view details