আগৰতলা,10 মে’: পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ সমান্তৰালভাৱে খোৱা তেলৰ মূল্য বিশেষভাৱে যোৱা কেইমাহমানত সৰিয়হৰ তেলৰ মূল্য বহুগুণে বৃদ্ধি হোৱাৰ ফলত ঘৰুৱা বাজেটৰ ওপৰত অতিৰিক্ত চাপ পৰিছে । কৰ’ণা মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অৰ্থনীতিয়ে বহুতো নিবনুৱাৰ বাবে দিনকদিনে উপাৰ্জনৰ পৰিসৰ হ্ৰাস কৰি আহিছে ৷ তেনে সময়ত খোৱা তেলৰ মূল্যবৃদ্ধিয়ে দেশৰ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক ঘৰুৱা বাজেট হ্ৰাস কৰিবলৈ বাধ্য কৰাইছে ।
বজাৰৰ এক জৰীপ অনুসৰি, আটাইতকৈ বিশ্বাসযোগ্য খোৱা তেল ব্ৰেণ্ডবোৰৰ মূল্য প্ৰতি এক লিটাৰ পাউচত 110-130 টকা আছিল । এতিয়া একেটা ব্ৰেণ্ডৰ তেল প্ৰতি লিটাৰ পাউচত ১৭০-১৮০ টকাত বিক্ৰী কৰা হৈছে । যোৱা এমাহত খোৱা তেলৰ মূল্য 20-30 টকালৈ বৃদ্ধি হৈছে ।