বুমলা, 15 নবেম্বৰ :অৰুণাচলৰ ভাৰত-চীন সীমান্তৰ শেহতীয়া উত্তেজনাপূৰ্ণ স্থিতিৰ কথাৰে আমি ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি আহিছো ৷ শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ সীমান্তৰ পশ্চিম দিশৰ তিনিটা স্থানত বৃদ্ধি পাইছে চীনৰ PLA সৈন্য বাহিনীৰ সক্ৰিয়তা ৷ চুবুৰীয়া দেশখনৰ সেনা বাহিনীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত বৃদ্ধি পাইছে এই সক্ৰিয়তা ৷ AREA DOMINATING PETROL ৰ জৰিয়তে সীমান্তৰ চীনা সৈন্যই বাবে বাৰে মেকমোহন লাইন পৰিদৰ্শন কৰাৰ তথ্য ইতিমধ্যে সেনা আৰু প্ৰতিৰক্ষা বিভাগৰ সূত্ৰত প্ৰকাশ পাইছে ।
চীন আৰু ভাৰতৰ মাজত এক উত্তেজনা পৰিবেশ বিৰাজমান ফলস্বৰূপে ভাৰতৰ বিভিন্ন সুৰক্ষা বাহিনীৰ বৃহৎ সংখ্যক মোটায়েন কৰা হৈছে পশ্চিম দিশত । প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাৰ আৰু বায়ুসেনাৰ যৌথভাৱে স্থাপন কৰা হৈছে Air Defence System , বুমলা পাছত মোটায়েন কৰা হৈছে সেনাৰ অতিৰিক্ত বাহিনী । উল্লেখযোগ্য যে, লুংৰুলা, জেমিথাঙৰ পিছত সীমান্তৰ তৃতীয় স্থান হৈছে বুমলা য’ত চীন আৰু ভাৰতৰ সৈন্যৰ মাজত অনুষ্ঠিত হয় Border Personnel Meeting. এতিয়া এই স্থানতে চীনা সৈন্যৰ সক্ৰিয়তা পূৰ্বতকৈ বৃদ্ধি পাইছে ।
প্ৰতিৰক্ষা বিভাগৰ সূত্ৰ অনুসৰি ২০১৮ আৰু ১৯ চনত ৰঙা চীনৰ PLA সৈন্যই ক্ৰমে ১৭ আৰু ১৬ বাৰ, ইয়াৰ বিপৰীতে ২০২০ চনত ২১ বাৰ আৰু চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈকে মুঠ ১৯ বাৰ এই স্থানত পেট্ৰলিং কৰিছে ৷