নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ: শনিবাৰে দিনৰ ১০ বজাত কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব । নিখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা ৰাজ্যসভা সাংসদ কে চি বেণুগোপালে টুইটযোগে এই কথা প্ৰকাশ কৰে । এই বৈঠকত দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি, আগন্তুক বিধানসভা নিৰ্বাচন আৰু আন নিৰ্বাচনৰ বিষয়ে আলোচনা কৰিব দলীয় নেতৃত্বই ।
নতুন দিল্লীৰ আকবৰ ৰোডস্থিত নিখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত বৈঠকখন অনুষ্ঠিত হ'ব । আনহাতে, কংগ্ৰেছৰ কাৰ্যকৰী সমিতিৰ বৈঠক আয়োজিত কৰাৰ আহ্বান জনাই গুলাম নবী আজাদেও কংগ্ৰেছ সভাপতিলৈ এখন পত্ৰ প্ৰেৰণ কৰে । পঞ্জাৱৰ বৰ্তমান ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভতো এই বৈঠকতে আলোচনা কৰাৰ সম্ভাৱনা আছে ।