নেশ্যনেল ডেস্ক, 7 আগষ্ট :'ৰাজীৱ গান্ধী খেলৰত্ন বঁটা'(Rajiv Gandhi Khel Ratna Award)ক মেজৰ ধ্যানচান্দৰ(Major Dhyan Chand) নামেৰে নামকৰণ কৰাৰ বাবে মোডী চৰকাৰ লোৱা সিদ্ধান্তক লৈ সৰৱ হৈ পৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছ( Indian National Congress) ৷ মোডী চৰকাৰক এই সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে এই পদক্ষেপক ভাৰতীয় জাতীয় কংগ্ৰেছে "myopic" বুলি অভিহিত কৰিছে ৷
কেৱল এয়ে নহয় মোডী চৰকাৰৰ এই সিদ্ধান্তক প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক অপমান কৰাৰ এক প্ৰয়াস বুলিও জাতীয় কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে ৷ সংবাদ মাধ্যমক সম্বোধন কৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালাই কয়, "খেলৰত্ন বঁটাক হকীৰ যাদুকৰ হিচাপে খ্যাত এগৰাকী প্ৰসিদ্ধ খেলুৱৈৰ নামেৰে নামাকৰণ কৰা পদক্ষেপক ভাৰতীয় জাতীয় কংগ্ৰেছে আদৰণি জনাইছে ৷
আমি আশা ৰাখিছো যে, মোডীজীয়ে তেওঁৰ myopic ৰাজনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবে মেজৰ ধ্যানচান্দৰ দৰে এজন প্ৰসিদ্ধ খেলুৱৈৰ নাম ব্যৱহাৰ কৰা নাই" ৷
ভাৰতীয় জাতীয় কংগ্ৰেছে আন্তৰিকতাৰে এক নতুন আৰম্ভণিৰ আশা ৰাখিছে বুলি মন্তব্য কৰি তেওঁ লগতে কয়, "আমি এতিয়া আন্তৰিকতাৰে আশা কৰিছো যে এক নতুন আৰম্ভণি হৈছে, মোডীজীয়ে নৰেন্দ্ৰ মোডী ষ্টেডিয়াম আৰু অৰুণ জেটলী ষ্টেডিয়ামৰ নাম সলনি কৰাৰ কথা ঘোষণা কৰিব আৰু ইয়াক চৰ্দাৰ মিলখা সিং, সুনীল গাভাস্কাৰ, শচীন তেণ্ডুলকাৰ, কপিলদেৱ, লিয়েণ্ডাৰ পেজ, পি টি ঊষা, মেৰীকম, অভিনৱ বিন্দ্ৰাৰ দৰে কিংবদন্তি খেলুৱৈৰ নামেৰে নামাকৰণ কৰিব ৷ আমি আন্তৰিকতাৰে আশা ৰাখিছো যে, myopic আৰু সংকীৰ্ণ হোৱাৰ পৰিৱৰ্তে মোডীজীয়ে সঁচাকৈয়ে এইসকল খেলুৱৈৰ সফলতা উদযাপন কৰিব" ৷
লগতে পঢ়ক:ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা হিচাপে নামাকৰণ