অসম

assam

By

Published : May 26, 2023, 12:15 PM IST

ETV Bharat / bharat

New Parliament Building Inauguration Ceremony : দেওবাৰে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান; কি কি কাৰ্যসূচী থাকিব ?

দেওবাৰে অনুষ্ঠিত হ'ব নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান । বিৰোধীৰ বৰ্জনৰ আহ্বানৰ মাজতে কেন্দ্ৰই বিজু জনতা দল, টিডিপি আৰু ৱাইএছআৰচিপিৰ দৰে কেইবাটাও নিৰপেক্ষ দলকে ধৰি ২৫ টা ৰাজনৈতিক দলৰ অংশগ্ৰহণৰ নিশ্চিতি লাভ কৰিছে (New Parliament Building Inauguration Ceremony) ।

New Parliament Building Inauguration Ceremony
New Parliament Building Inauguration Ceremony

নিউজ ডেস্ক, ২৬ মে' :দেওবাৰে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান (New Parliament Building Inauguration Ceremony) । অনুষ্ঠানৰ আৰম্ভণিতে পুৱা ধৰ্মীয় ৰীতি-নীতিৰ পিছত অনুষ্ঠিত হ'ব সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা । তাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লোকসভা কক্ষত আনুষ্ঠানিকভাৱে মুকলি কৰিব (PM Modi to inaugurate Lok Sabha Chamber) । সূত্ৰ অনুসৰি, উদ্বোধনী অনুষ্ঠানটো সংসদৰ গান্ধী প্ৰতিমূৰ্তিৰ ওচৰত এটা অস্থায়ী পেণ্ডেলত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

আনহাতে, পুৱাৰ অনুষ্ঠানৰ পিছত লোকসভাৰ অধ্যক্ষৰ আসনৰ কাষত পৱিত্ৰ 'ছেংগোল' স্থাপন কৰা হ'ব (Sengol to installed in Lok Sabha chamber) । তামিলনাডুৰ পৰা আহিবলগীয়া পুৰোহিতে এই 'ছেংগোল' স্থাপন কৰিব । অনুষ্ঠানটোত ছেংগোল ডিজাইন কৰা মূল গহনা শিল্পীগৰাকীও উপস্থিত থাকিব । পুৱাৰ ভাগৰ কাৰ্যসূচী প্ৰায় ৯.৩০ বজাত সমাপ্ত হোৱাৰ সম্ভাৱনা আছে । আনহাতে, অনুষ্ঠানটোৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী দুপৰীয়া আৰম্ভ হোৱাৰ আশা কৰা হৈছে ।

এই অনুষ্ঠানত ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশে ভাষণ প্ৰদান কৰিব । লগতে তেওঁ ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখাড়ৰ হৈ এক লিখিত অভিনন্দন-বাৰ্তাও পাঠ কৰিব । অনুষ্ঠানটোত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ এক লিখিত বাৰ্তাও পাঠ কৰা হ'ব । এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত নতুন সংসদ ভৱনটো নিৰ্মাণৰ প্ৰক্ৰিয়া আৰু ইয়াৰ তাৎপৰ্যৰ ওপৰত নিৰ্মিত দুখন চুটি ছবিও প্ৰদৰ্শন কৰা হ'ব ।

সংসদৰ ৰক্ষক লোকসভাৰ অধ্যক্ষয়ো এই অনুষ্ঠানত ভাষণ প্ৰদান কৰিব । ইয়াৰ উপৰি ৰাজ্যসভাৰ বিৰোধী দলৰ নেতাৰ বাবেও অনুষ্ঠানটোত ভাষণ প্ৰদানৰ কাৰ্যসূচী ৰখা হৈছে । অৱশ্যে কংগ্ৰেছ দলে কেইবাটাও বিৰোধী দলৰ সৈতে উদ্বোধনী অনুষ্ঠান বৰ্জন কৰাৰ কথা ঘোষণা কৰাৰ পিছত দেওবাৰে বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে অনুষ্ঠানটোত উপস্থিত থকাৰ সম্ভাৱনা নাই (Oppositions boycott parliament inauguration) ।

উল্লেখ্য, নতুন সংসদ ভৱন উদ্বোধনৰ ঐতিহাসিক সাক্ষ্য হিচাপে প্ৰধানমন্ত্ৰীয়ে এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকটো মুকলি কৰিব (Special coin release for new parliament building) । ইয়াৰ পিছতে তেওঁ এই ঐতিহাসিক মুহূৰ্তৰ ভাষণ ৰাখিব । আনহাতে, উদ্বোধনী অনুষ্ঠানৰ সমাপ্তি লোকসভাৰ মহাসচিবৰ শলাগৰ শৰাইৰে পৰিব ।

আনহাতে, বিৰোধীৰ বৰ্জনৰ আহ্বানৰ মাজতে কেন্দ্ৰই ২৫ টা ৰাজনৈতিক দলৰ উপস্থিতিৰ এক নিশ্চিত তালিকা লাভ কৰিছে । ইয়াৰে ভিতৰত কেইটামান এনডিএ মিত্ৰজোঁটৰ অংশ নহয় । কিন্তু দলকেইটাই ২৮ মে'ত নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব । এআইএডিএমকে, আপনা দল, ভাৰতীয় ৰিপাব্লিকান পাৰ্টী, শিৱসেনাৰ শিন্দে গোট, এনপিপি আৰু এনপিএফকে ধৰি এনডিএৰ অংশীদাৰ কেইবাটাও দলে দেওবাৰে অনুষ্ঠানটোত উপস্থিত থকাটো নিশ্চিত কৰিছে ।

ইয়াৰ উপৰি উদ্বোধনী অনুষ্ঠানত বিজু জনতা দল, টিডিপি আৰু ৱাইএছআৰচিপিকে ধৰি কেইবাটাও নিৰপেক্ষ দলো উপস্থিত থাকিব । বিৰোধী দলসমূহৰ ভিতৰত শিৰোমণি আকালি দল (এছএডি), বহুজন সমাজবাদী পাৰ্টী (বিএছপি) আৰু জনতা দল-চেকুলাৰেও দেওবাৰৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব । আনহাতে, কংগ্ৰেছকে ধৰি ১৯ টা বিৰোধী দলে সংসদ ভৱনৰ উদ্বোধনী কাৰ্যসূচী বৰ্জনৰ ঘোষণা কৰি এক যুটীয়া বিবৃতি দিয়াৰ পিছতে এই দলকেইটাই অংশগ্ৰহণৰ নিশ্চিতি প্ৰদান কৰিছে ।

উল্লেখ্য, নতুন সংসদ ভৱনৰ উদ্বোধন কাৰ্যসূচীৰ বাবে আমন্ত্ৰিত অতিথিসকলক আমন্ত্ৰণী পত্ৰৰ লগতে ই-নিমন্ত্ৰণো প্ৰেৰণ কৰা হৈছে । দুয়োখন সদনৰ সংসদৰ বৰ্তমানৰ সদস্যসকলৰ উপৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ শিৱৰাজ পাটিল, কংগ্ৰেছৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে আৰু বিৰোধী দলৰ নেতাসকলকো আমন্ত্ৰণ জনোৱা হৈছে ।

ভাৰত চৰকাৰৰ সকলো মন্ত্ৰালয়ৰ সচিবলৈও আমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে । নতুন সংসদ ভৱনৰ মুখ্য স্থপতিবিদ বিমল পেটেল আৰু সংসদ ভৱন নিৰ্মাণৰ অন্যতম কোম্পানী টাটা গ্ৰুপৰ হৈ প্ৰতিষ্ঠিত উদ্যোগপতি ৰতন টাটাকো নতুন ভৱনটোৰ উদ্বোধনী অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

উল্লেখ্য, নতুন সংসদ ভৱনটোৱে স্বাৱলম্বী ভাৰতৰ (আত্মনিৰ্ভৰ ভাৰত) আত্মাৰ প্ৰতীক হিচাপে বিবেচনা কৰা হৈছে আৰু চৰকাৰে ইয়াক বৰ্তাই ৰাখিব । বৰ্তমানৰ ভৱনটোৱে স্বাধীন ভাৰতৰ প্ৰথম সংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু সংবিধান গ্ৰহণৰ সাক্ষী হৈ আছে । সংসদৰ বৰ্তমানৰ ভৱনটোৰ বয়সে বৰ্তমান শতায়ু গৰকিবলৈ গৈ আছে । ২০০৬ চনত ভাৰতৰ ২৫০০ বছৰৰ সমৃদ্ধ গণতান্ত্ৰিক ঐতিহ্য প্ৰদৰ্শন কৰিবলৈ সংসদ সংগ্ৰহালয়ো সংযোগ কৰা হৈছিল ।

লগতে পঢ়ক :75 Rupee Commemorative Coin : নতুন সংসদ ভৱন উদ্বোধন উপলক্ষে ৭৫ টকাৰ স্মাৰক মুদ্ৰা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details