নেশ্য়নেল ডেস্ক, ১৬ জানুৱাৰী:অহা ১ ফেব্ৰুৱাৰীত লোকসভাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন পূৰ্ণ বাজেট উত্থাপন কৰিব (Union Budget 2023)। এই বাজেটৰ পূৰ্বেই ইতিমধ্য়ে চৰ্চা আৰম্ভ হৈছে । কিয়নো আগন্তুক লোকসভাৰ পূৰ্বে উত্থাপন কৰিবলগীয়া এইখন বাজেটত চৰকাৰে ভোটাৰক আকৰ্ষণ কৰিবলৈ জনমুখী আঁচনি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ইয়াৰ মাজতেই এক অনুষ্ঠানত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, কেন্দ্ৰীয় চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কোনো নতুন কৰ আৰোপ কৰা নাই (Finance miniter Nirmala Sitharaman)।
আৰ এছ এছৰ মুখপত্ৰ 'পাঞ্চজন্য'ই আয়োজন কৰা এক অনুষ্ঠানত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, "মই মধ্যবিত্ত শ্ৰেণীৰ আৰু সেইবাবে তেওঁলোকৰ চাপ ভালদৰে বুজি পাওঁ (Panchajanya of RSS) । সেয়েহে মোডী চৰকাৰে তেওঁলোকৰ উন্নয়নৰ বাবে অহৰহ বহুতো কাম কৰি আছে আৰু এই কাৰ্য অব্যাহত থাকিব ।" উক্ত অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি তেওঁ লগতে কয় যে, কেন্দ্ৰীয় চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কোনো নতুন কৰ আৰোপ কৰা নাই । ২০২৩-২৪ বিত্তীয় বৰ্ষত চৰকাৰে আয়কৰ সীমাৰ শ্ৰেণী সলনি কৰিব বুলি আশা কৰা হৈছে । এনে পদক্ষেপ গ্ৰহণ কৰি সাধাৰণ লোকসকলক সকাহ প্ৰদান কৰাৰো সম্বাৱনা আছে ।