অসম

assam

ETV Bharat / bharat

Udhampur blast : উধামপুৰৰ বোমা বিস্ফোৰণৰ স্থানত NIAৰ দল - NIA team visits Udhampur blast area

১২ ঘণ্টাৰ ভিতৰত জম্মু-কাশ্মীৰৰ উধামপুৰত দুটাকৈ বোমা বিস্ফোৰণ (Udhampur bomb blast)। বাছ আস্থানত ৰখাই থোৱা বাছত বিস্ফোৰণ । সমগ্ৰ জিলাখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা । বিস্ফোৰণ সংঘটিত স্থানত NIAৰ তদন্তকাৰী দল উপস্থিত ।

Udhampur blast
উধমপুৰৰ বোমা বিস্ফোৰণৰ স্থানত NIAৰ দল

By

Published : Sep 29, 2022, 8:08 PM IST

নেশ্যনেল ডেস্ক, ২৯ ছেপ্টেম্বৰ :জম্মু-কাশ্মীৰৰ উধামপুৰ জিলাত চাঞ্চল্যকৰ বোমা বিস্ফোৰণৰ ঘটনা (Mysterious blast in Udhampur)। ৰখাই থোৱা বাছত সংঘটিত ৰহস্যজনক বিস্ফোৰণত দুজন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । উধামপুৰ জিলাত ১২ ঘণ্টাত দুটাকৈ বোমা বিস্ফোৰণৰ লগে লগে সমগ্ৰ জিলাখনতে তীব্ৰ আতংকই বিৰাজ কৰিছে (Twin bomb blasts in Udhampur)।

জানিব পৰা মতে, বুধবাৰে নিশা বাছ আস্থানত ৰখা থোৱা এখন বাছত প্ৰথমটো বোমা বিস্ফোৰণ হৈছিল । এই বিস্ফোৰণৰ প্ৰায় ৮ ঘণ্টাৰ পাছতে পুৰণি বাছ আস্থানৰ এখন বাছত একেধৰণৰে আন এটা বিস্ফোৰণ সংঘটিত হয় । অৱশ্যে, দ্বিতীয় বিস্ফোৰণত কোনো ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে । ইফালে এই বিস্ফোৰণৰ পাছতে সমগ্ৰ জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে তীব্ৰ তালাচী আৰম্ভ কৰিছে ।

আনহাতে ঘটনাৰ তদন্তৰ বাবে সেই স্থানত উপস্থিত হয় ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (NIA) এটা শীৰ্ষ পৰ্যায়ৰ দল (NIA team visits Udhampur blast area)। বোমা বিশেষজ্ঞৰ দলে বাহনসমূহ পৰীক্ষা কৰাৰ মাজতে NIAৰ দলটোৱেও বিস্ফোৰণ সংঘটিত দুয়োটা অঞ্চল পৰিদৰ্শন কৰে ।

সূত্ৰৰ মতে উধামপুৰ বাছ আস্থান আৰু ডুমাইল চকত সংঘটিত বোমা বিস্ফোৰণৰ তদন্ত NIAক হস্তান্তৰ কৰাৰ সম্ভাৱনা আছে । সূত্ৰৰ মতে, অনুসন্ধানকাৰী সংস্থাটোৱে বিস্ফোৰণৰ প্ৰকৃতি নিৰূপণ কৰাৰ উদ্দেশ্যে তদন্ত চলাই আছে । এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে বিস্ফোৰণবোৰত আঠাযুক্ত বোমা ব্যৱহাৰ কৰা হৈছিল । অৱশ্যে ফৰেনচিকৰ প্ৰতিবেদনৰ পাছতহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ।

লগতে পঢ়ক :সোণৰ মূল্য প্ৰতি 10 গ্ৰামত 435 টকা হ্ৰাস

ABOUT THE AUTHOR

...view details