অসম

assam

ETV Bharat / bharat

কোব্ৰা জোৱানৰ মুক্তিৰ বাবে মধ্যস্থতাকাৰীৰ দাবী নক্সালবাদীৰ - নক্সালবাদীৰ আক্ৰমণ

নিষিদ্ধ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাওবাদী)য়ে জনোৱা মতে, ৰাজ্য চৰকাৰে মধ্যস্থতাকাৰীৰ ঘোষণা কৰাৰ পিছতহে তেওঁলোকে চিআৰপিএফ কামাণ্ডোক মধ্যস্থতাকাৰীৰ হাতত মুকলি কৰি দিব ।

Naxals demand
নক্সালবাদীৰ দাবী

By

Published : Apr 7, 2021, 1:39 PM IST

নেশ্যনেল ডেস্ক,7 এপ্ৰিল : নিষিদ্ধ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাওবাদী)য়ে বুধবাৰে এক বিবৃতিত প্ৰকাশ কৰি কয় যে, ছত্তিশগড়ত 3 এপ্ৰিলত হোৱা সংঘৰ্ষত নিৰুদ্দেশ হোৱা চিআৰপিএফৰ কামাণ্ডো বৰ্তমানো তেওঁলোকৰ জিম্মাত আছে । লগতে সংগঠনটোৱে কয় যে, ৰাজ্য চৰকাৰে এই সন্দৰ্ভত মধ্যস্থতাকাৰী ঘোষণা কৰিব আৰু তাৰপাচত চিআৰপিএফ কামাণ্ডোক মধ্যস্থতাকাৰীৰ হাতত মুকলি কৰি দিব মাওবাদীয়ে ৷

মাওবাদীৰ বিবৃতিখন প্ৰকৃত বুলি নিশ্চিত কৰে ছত্তিশগড় আৰক্ষীয়ে ৷ এএনআইৰ সৈতে হোৱা এক বাৰ্তালাপত বাস্তাৰ আৰক্ষী পৰিদৰ্শক পি সুন্দৰৰাজে কয় যে, 3 এপ্ৰিলত সংঘটিত হোৱা নক্সালবাদীৰ আক্ৰমণত কোব্ৰাৰ জোৱান ৰাকেশৱাৰ সিং মানহাছক নক্সালবাদীয়ে অপহৰণ কৰিছিল আৰু এতিয়া জোৱান গৰাকীক বন্দী কৰি ৰাখিছে নক্সালবাদীয়ে । ইতিমধ্যে আৰক্ষীয়ে জোৱান গৰাকীৰ অনুসন্ধান অভিযান অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে, কামাণ্ডো বেটেলিয়ন ফ’ৰ ৰিজলিউট একশ্বন (কোব্ৰা) হৈছে চিআৰপিএফৰ এটা গোট । আৰক্ষী পৰিদৰ্শক পি সুন্দৰৰাজে কয় যে, ‘‘আমি মাওবাদীসকলৰ পৰা এখন পত্ৰ লাভ কৰিছো আৰু তেওঁৰ বিষয়ে চমু ধাৰণা পাইছো । আমি পত্ৰখনৰ প্ৰমাণিকৰণ নিশ্চিত কৰিছো । আমি বিষয়টো সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছো’’ ৷

ইফালে মাওবাদীৰ দণ্ডকৰণ্য বিশেষ আঞ্চলিক সমিতিৰ হৈ ‘বিকল্প’ৰ দ্বাৰা স্বাক্ষৰিত তেলেগু ভাষাৰ 2 পৃষ্ঠাৰ বিবৃতিত উল্লেখিত অনুসৰি, 2000 গৰাকী আৰক্ষীয়ে তেওঁলোকক আক্ৰমণ কৰিছিল আৰু 3 এপ্ৰিলত তৰেম্মত হোৱা সংঘৰ্ষত 4 গৰাকী পিপলছ লিবাৰেশ্যন গেৰিল্লা আৰ্মী (পিএলজিএ) কেডাৰ নিহত হয় । নগতে বিবৃতিত কোৱা হৈছে যে, তেওঁলোকে 14 টা অস্ত্ৰ- শস্ত্ৰ, 2000 ৰাউণ্ডতকৈও অধিক গোলা বাৰুদ আৰু নিৰাপত্তাৰক্ষীৰ অন্যান্য সামগ্ৰী লৈ গৈছিল ।

মাওবাদীৰ বিবৃতি অনুসৰি, নিহত নক্সাল কেডাৰসকলক ওডি চান্নী, পদম লাখমা, কোৱাচী বদ্ৰু আৰু নুপা সুৰেশ নামেৰে চিনাক্ত কৰা হৈছে আৰু তেওঁলোক দক্ষিণ বাস্তাৰৰ বাসিন্দা । 3 এপ্ৰিলত সুৰক্ষা বাহিনীয়ে চান্নীৰ মৃতদেহ উদ্ধাৰ কৰে ।

পত্ৰখনত কোৱা হয় যে, প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বাধীন চৰকাৰে 2020 চনৰ পৰা মাওবাদীসকলক নিৰ্মূল কৰিবলৈ চেষ্টা কৰি আছিল । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত বৃহৎ আক্ৰমণৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে । মাওবাদীসকল আলোচনাৰ বাবে সাজু হৈ আছিল ৷

শনিবাৰে চুকমা-বিজাপুৰ সীমান্তত নিৰাপত্তাৰক্ষী আৰু নক্সালৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত কমেও 22 গৰাকী সুৰক্ষা কৰ্মীয়ে প্ৰাণ হেৰুৱাইছিল আৰু 31 গৰাকী আঘাতপ্ৰাপ্ত হৈছিল ৷ চিআৰপিএফৰ সঞ্চালক প্ৰধান কুলদীপ সিঙে দেওবাৰে কয় যে, ইয়াত কোনো চোৰাংচোৱা বা কাৰ্যকৰী বিফলতা নাই ।

সুৰক্ষা কৰ্মীৰ মৃত্যুত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছিল আৰু কৰ্তৃপক্ষক ইয়াৰ ওপৰত ব্যৱস্থা ল’বলৈ আদেশ প্ৰদান কৰে ৷

লগতে পঢ়ক :বিস্ফোৰক সামগ্ৰী আৰু ড্ৰাগছসহ গ্ৰেপ্তাৰ পাকিস্তানী নাগৰিক

ABOUT THE AUTHOR

...view details